পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৷৹


 প্ৰভুৱে ৰামৰাম গুৰু, শ্ৰীশ্ৰীমাধৱদেৱ, ৰামৰায় আদি ছকুৰি ভকত লগত লৈ প্ৰায়

দ্বিতীয়বাৰ
তীৰ্থ যাত্ৰা।

নব্বৈ বছৰ বয়সত পাটবাউসীৰ পৰা ২য় বাৰ তীৰ্থ যাত্ৰা কৰে। এইবাৰৰ যাত্ৰাত প্ৰভু কেনেবাকৈ বৃন্দাবন পালে পূৰ্বদেশ পাহৰিব পাৰে

বুলি সন্দেহ কৰি আইমাতৃয়ে বৃন্দাবনলৈ যোৱাত বাধা দিবৰ অৰ্থে শ্ৰীশ্ৰীমাধৱদেৱক খাটনি ধৰিছিল। শ্ৰীশ্ৰীমাধৱদেৱ পুৰুষে আই মাতৃৰ কথা এবাৰ নোৱাৰি প্ৰভুক গঙ্গা, নবদ্বীপ, কবিৰাৰ মঠ, মহানদী আৰু শ্ৰীক্ষেত্ৰ মাত্ৰ পৰ্য্য়টন কৰাই ঘূৰাই লৈ আহে।

 প্ৰভুৰ প্ৰভাৱ দিনক দিনে বাঢ়ি যোৱা দেখি বহুতে মহাৰাজ নৰনাৰায়ণৰ ওচৰত নানা ভাৱে খল লগায়।

দ্বিতীয় প্ৰভাস তীৰ্থ
কাকতকুটা।

ৰজাই শ্ৰীগুৰুক ৰাজধানীলৈ নিয়ালত ৰাজসভাৰ পণ্ডিত মণ্ডলীৰ লগত প্ৰভুৰ বাদ হয়; পণ্ডিত সকল বাদত হৰাত ৰজাই প্ৰভুক নানা ভাৱে সন্মান দেখুৱায়। এই সময়ত গুৰুৱে এক নিশাৰ ভিতৰতে দশম স্কন্ধ ভাগৱতৰ সংক্ষিপ্ত সাৰ গুণমালা ৰচনা কৰি ভুৰুকাত ভৰাই মহাৰাজক দান কৰে।

ইয়াৰ পাছত প্ৰভু পাটবাউসীলৈ ঘূৰি আহি কিছুদিন থাকি প্ৰভাস তীৰ্থৰূপ কাকতকুটালৈ যায়। কাকতকুটাত প্ৰভু প্ৰায় আঢ়ৈ বছৰ থাকে; পাছত ১৪৯০ শকৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিৰ দিনা দিনৰ ডেৰ পৰ মান বেলাত ভক্তসকলৰ হৰিকীৰ্ত্তনৰ মাজত বৈকুণ্ঠ

প্ৰয়াণ কৰে।