৸৵৹
সকলো লোকক সংসাৰ-সিন্ধুৰপৰা উদ্ধাৰ কৰিবলৈ ধৰিলে। পাট- বাউসীত বাস কৰা কালতেই প্ৰভুৱে তেৰাৰ প্ৰচাৰিত ধৰ্মমত সুদৃঢ় কৰিবলৈ অমৰ লিখনিৰ কীৰ্ত্তনৰ বাকী খিনি, ভাগবত আৰু অন্যান্য ভালেমান গ্ৰন্থ ৰচনা কৰে। এই সময়ত চান্দচা নামে এজন বৰ হৃস্ত পুস্ত বলী মুছলমান প্ৰভুৰ কৃপাদৃষ্টিত পৰাত সৌম্য মূৰ্ত্তি ধৰি প্ৰভুৰ আশ্ৰয় লাভ কৰে। চান্দচাই প্ৰভুক চতুৰ্ভুজ মূৰ্ত্তিৰে দেখা পাইছিল।[১]আৰু তাৰ ফলত চান্দচাই শেষ কাললৈকে প্ৰভুৰ পদসেৱাৰ সৌভাগ্য লাভ কৰিছিল। এইদৰে শ্ৰীমন্ত শঙ্কৰে হিন্দু, মুছলমান, পাহাৰী সকলোৰে মাজত হৰি-নাম বিলাই গোটেই উত্তৰ-পূব ভাৰতক এক সূত্ৰে বান্ধি সাম্য-মৈত্ৰি-বাণীৰ ঝঙ্কাৰ তুলিছিল; [২] লগে লগে প্ৰভুৰ সেৱকসকলৰ ভিতৰৰপৰা অস্পৃশ্যতা মহা পাপ দূৰতো বিদূৰ কৰি মানৱ মাত্ৰেই নাৰায়ণৰ মূৰ্ত্তি বুলি সকলোকে আকোৱালি লবলৈ অভ্যাস কৰোৱাইছিল।[৩]
প্ৰভুৰ স্থাপিত পাটবাউসী সত্ৰ গৃহী আৰু উদাসীন ভক্তসকলৰ দ্বাৰা গণতন্ত্ৰৰ নিয়মে চলোৱাৰ ব্যৱস্থা কৰি দিছিল। দূৰৰ ভক্ত- সকল থকা গাওঁবোৰতো নামঘৰ সজোৱাই সেই সেই গাৱঁ সেই সেই নাম ঘৰৰ তলত ৰখা আৰু গাৱঁৰ বাদ-বিসম্বাদ, ভাওনা-সবাহ