পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৶৹

কৰাৰ পাছত আহোম ৰজাৰ কোপত পৰে। এই সময়ত কামৰূপ -কমতাত কোচ ৰজা নৰনাৰায়ণ অতি প্ৰভাৱশালী হৈ উঠা শুনি প্ৰভু সশিষ্যে ভটিয়াই আহে। প্ৰভু পোনতে কামৰূপৰ কপিলাত ছমাহ থাকে, তাৰ পাছত চুণপৰাত (বৰপেটা) বাস কৰে গৈ। ইয়াতেই ভবানন্দে (নাৰায়ণ ঠাকুৰ) প্ৰভুৰ সঙ্গ লাভ কৰে। চূণপৰাত অলপ দিন থাকিয়েই কুমাৰকুচিলৈ (বৰপেটাৰ ওচৰতে) পাছত পাটবাউসীলৈ আহি বাস কৰে।

 পাটবাউসী কৃষ্ণ শঙ্কৰৰ দ্বাৰকাপুৰি। ইয়াত বাস কৰা কালত

কোচ ৰজাই প্ৰভুৰ পৰিচয় পাই জোৰ কৰি প্ৰভুক

দ্বিতীয় দ্বাৰকাপুৰী
-পাটবাউসী।

বাউসী বিলাতৰ গোমস্তা পাতে। ৰজাৰ আদেশত প্ৰভুয়ে ধৰ্ম ৰাজ্যৰ লগতে বাধ্য হৈ ৰাজবিষয়

চলাব লগাত পৰে; পাছত “বৃন্দাবনী” নামৰ কৃষ্ণলীলাৰ এখন কাপোৰ বোৱাই ৰজাক উপঢৌকন দিহে এই ৰাজ বিষয়ৰপৰা নিস্কৃতি লাভ কৰে। শ্ৰীগুৰুৰ এই দ্বাৰকালীলাৰ সময়ত শ্ৰীশ্ৰীদামোদৰদেৱ আৰু শ্ৰীশ্ৰীহৰিদেৱে প্ৰভুৰ সঙ্গ লাভ কৰে। শ্ৰীশঙ্কৰে অহৰ্নিশে নিৰ্গুণ কৃষ্ণৰ গুণ প্ৰকাশ কৰিবলৈ ধৰিলে আৰু তেওঁৰ সঙ্গীসকলে হৰি গুণ-নাম-শ্ৰবণ-কীৰ্ত্তন কৰি আনন্দত আত্মহাৰা হল। পাটবাউসী -দ্বাৰকাপুৰিত হৰি-নাম-ৰস উঠলি উঠিল আৰু শঙ্কৰ-গোবিন্দৰ প্ৰেম -অমৃতৰ নদী উজনি-ভাটিত ববলৈ ধৰিলে।[১] শ্ৰী শ্ৰীমাধৱদেৱ, শ্ৰীশ্ৰীদামোদৰদেৱ।৷ শ্ৰীশ্ৰীহৰিদেৱ আৰু শ্ৰীশ্ৰীনাৰায়ণ ঠাকুৰে হৰিনামৰ ফল চাৰি পুৰুষাৰ্থ-পতাকা হাতত লৈ জগতত হৰি-ভক্তি দান কৰি


  1. নামঘোষা-১৭২ ঘোষা।