পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৶৹

বৰ বেচিকৈ পৰে। শ্ৰীশঙ্কৰ প্ৰভুৰ শাৰীৰিক বল প্ৰয়োগ-নীতিৰে নিজক ৰক্ষা কৰিবলৈ ভাল নাপাই বৰদোৱা ত্যাগ কৰাকেই স্থিৰ কৰে। তেওঁ পোনতে ভক্ত আৰু জ্ঞাতিসকলক ব্ৰহ্মপুত্ৰ পাৰহৈ উত্তৰ পাৰে ভলুকাগুৰিলৈ যাবলৈ দিয়ে। পাছত প্ৰভু গৈ সিবিলাকৰ লগ ধৰে। ভলুকাগুৰিত তিনি পথ থাকি পূবলৈ গৈ কোমোৰাকুটাত কিছু দিন থাকে। ইয়াতো সৰহ দিন নাথাকি আৰু পূবলৈ গৈ গাংমৌ নামে ঠাইত হাটি-বাটি পাতি চাৰে সাত বছৰ কাল বাস কৰে! জগদীশ মিশ্ৰ নামৰ এজন বিপ্ৰই জগন্নাথ মহাপ্ৰভূৰ সন্মুখত ভাগৱত পাঠ কৰিবলৈ গৈ স্বপ্নাদেশ পাই তাত পাঠ নকৰি ইয়াত থকা কালতেই প্ৰভু শঙ্কৰৰ আগত ভাগৱত পাঠ কৰি বৈকুণ্ঠ প্ৰয়াণ কৰে। শ্ৰী গুৰুৰ তিনি জনা পুত্ৰ ইয়াতেই জন্মে।

 ব্ৰহ্মপুত্ৰৰ উত্তৰকুলো এই সময়ত ভূঞাসকলৰ অধিকাৰত আছিল; কিন্তু তেওঁলোক ক্ৰমে দুৰ্বল হৈ পৰাত এই অঞ্চলত উত্তৰৰ ভোটবিলাকৰ মাজে সময়ে উৎপাত হয়। শ্ৰীগুৰুৱে অশান্তি বোধ কৰি গাংমৌ এৰি লোহিতেৰে মাজুলী সোমায় আৰু ধুৱাহাটাত বাস কৰিবলৈ লয়। ইয়াতেই শ্ৰী শ্ৰীমাধৱদেৱ পুৰুষে প্ৰভুৰ সঙ্গ লাভ কৰে আৰু বংশীগোপালদেৱ বাল্য কালত ইয়ালৈ আহি প্ৰভুৰ দৰ্শন লাভৰ সৌভাগ্য লাভ কৰে। ইয়াত প্ৰভুৱে কৰোলা বাঢ়ৈৰ হতুৱাই এখন গোপাল বিগ্ৰহ কটায়। চৰিতত আছে—বাঢ়ৈয়ে প্ৰভুৱে স্নান কৰি থাকোঁতে জুমি চাই সেই নমুনাত মুৰ্ত্তিখনি কাটিছিল। এই মূৰ্ত্তি প্ৰতিষ্ঠা কৰোঁতে পূজাৰীৰ ফুল-তুলসী শঙ্কৰ প্ৰভুৰ গাত পৰিছিল বুলি চৰিত্ৰত উল্লেখ আছে। ইয়াত শ্ৰীগুৰু ওঠৰ বছৰ বাস