পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কৰিছিল।* [১] বাৰ বছৰ বয়সলৈকে শঙ্কৰে এইদৰে ক্ৰীড়া-কৌতুক কৰিয়েই কটাইছিল।

 ইয়াৰ পাছত বুঢ়ীমাকৰ আদেশত শ্ৰীশঙ্কৰে মহেন্দ্ৰ কন্দলি নামৰ অধ্যাপকৰ পঢ়াশালিত পঢ়িবলৈ ধৰে। তেওঁ বিদ্যা শিক্ষা। ব্যঞ্জনবৰ্ণ শিকিয়েই “কৰতল কমল, কমল দল নয়ন” ইত্যাদি পয়াৰ ছন্দত এটি কবিতা লিখি অধ্যাপকক দিলত তেওঁ আচৰিত হয়। ভগবানৰ অৱতাৰ কৃষ্ণ-শঙ্কৰে পাঁচ বছৰৰ ভিতৰতেই হিন্দু ধৰ্মৰ সকলো শাস্ত্ৰ আয়ত্ব কৰি গুৰু-দক্ষিণা দি বিদায় লয়।[২] তাৰ পাছত কিছুদিন যোগ অভ্যাস কৰিবলৈ ধৰে। কুম্ভক যোগ অভ্যাস কৰোঁতে তেওঁৰ শৰীৰৰ ভূষণ ছিঙি গৈছিল; বাওঁ হাতৰ বুঢ়া আঙুলিৰ ওপৰত ভৰ দি ভৰি ওপৰলৈ কৰি বহুপৰ ৰৈছিল। কোনো কোনো সময়ত পানীত ডুব গৈ বহি ধ্যানত মগ্ন হৈ আছিল।[৩]

  শ্ৰীশঙ্কৰৰ উদাস ভাব লক্ষ্য কৰি জয়ন্ত-মাধৱ খুৰাক দুজনে প্ৰভুৰ পিতৃৰ বিষয় শোধাই দিয়ে আৰু হৰিখাঁ

বিষয়-চৰ্চা আৰু
ধৰ্ম-চৰ্চা।

ভূঞাঁৰ কন্যা সূৰ্য্য়ৱতী আইক বিবাহ কৰাই দিয়ে। এই বন্ধনে কিন্তু শঙ্কৰ প্ৰভুক শাস্ত্ৰ-চৰ্চাৰ পৰা বিৰত কৰাব নোৱাৰিলে বৰং ধৰ্ম আৰু বিষয় দুয়োটাকে সমানে চলাই ভূঞাঁসকলক স্তম্ভিত কৰিলে। তেওঁ দিনৰ আজৰি পৰত আৰু ৰাতি ভালেখিনি সময় বেদাদি শাস্ত্ৰ চৰ্চাত নিমগ্ন থকা


  1. শঙ্কৰ চৰিত ৰামচৰণ ঠাকুৰ।
  2. গুৰু চৰিত-দৈত্যাৰি ঠাকুৰ।
  3. শঙ্কৰ চৰিত-ৰামচৰণ ঠাকুৰ।