পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গৌৰ, আয়ত নয়ন, শ্ৰীমুখ চন্দ্ৰৰ দৰে জ্যোতিৰ্ম্ময়, অঙ্গভূষণ বিনাও লীলাময় : শৰীৰৰ অঙ্গ-দেখিবলৈ সুশোভন, ধীৰ মতি, গজগতি

শ্ৰীমন্ত
শঙ্কৰৰ ৰূপ

গমন, বাণী মেঘৰদৰে গম্ভীৰ[১] ছত্ৰাকাৰ মূব, ৰাতুল অধৰ, দাঁত মুকুতাৰ দৰে, আজানুলম্বিত সুবলিত বাহু, ৰাতুল চৰণ, অতি মনোনীত উৰু, জানু, জঙ্ঘা, ডিঙিত ধৱল উত্তৰী, বক্ষস্থলত কণ্ঠমণি, হিয়াত সূবৰ্ণৰ হাৰ, দুই হাতত তাৰ, হাতৰ আঙ্গুলি সোণৰ আঙঠিৰে সুশোভিত, নীলা পাৰিৰ হেঙুলীয়া ভুণি, মুখত মিচিকীয়া হাঁহি, চমৎকাৰ বিতোপন ৰূপ [২]

 শ্ৰীমন্ত শঙ্কৰ-উদয়ৰ পোন্ধৰ দিনৰ দিনা মাতৃ স্বৰ্গগামিনী হয়, আৰু ৮ বছৰ বয়সত পিতৃ স্বৰ্গী হয়। বুঢ়ীমাক শিশুলীলা খেৰসুতী আয়ে শঙ্কৰক তুলি তালি ডাঙৰ কৰে। [৩] শঙ্কৰৰ বাল্যকালত নানা অলৌকিক ঘটনা ঘটে; চৰিত্ৰকাৰসকলে এই ঘটনাবোৰ শ্ৰীকৃষ্ণৰ শিশু-লীলাৰ লগত মিলাই লিপিবদ্ধ কৰি গৈছে। শ্ৰীশঙ্কৰে ৰামৰামগুৰু আদিৰ লগত ঘিলা, কোটোৰ আদি নানা ক্ৰীড়া কৰি উমলি-জামলি ফুৰাৰ উপৰিও কোনো কোনো সময়ত হাবিত সোমাই পহু পোৱালি, নৈত সাতুৰি শিহু পোৱালি ধৰি আনি কিছু কিছু পৰ ধেমালি কৰি এৰি দিছিল। ভাদমহীয়া ভৰপূৰ ব্ৰহ্মপুত্ৰ সাতুৰি ইপাৰ সিপাৰ হৈয়ো সকলোকে আচৰিত কৰিছিল। বিদেশী মালক শিশু শঙ্কৰে যুঁজত হৰুৱায়। খেদি অহা ষাঁড় গৰুক শঙ্কৰে মৰ্দ্দন কৰি স্তম্ভিত


  1. গুৰু ভটিমা-মাধৱদেৱ।
  2. শঙ্কৰ চৰিত-১১৬৯-১১৭৫ পদ ৰাম চৰণ।
  3. শঙ্কৰ চৰিত-ৰাম চৰণ।