পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

শ্ৰীমন্ত শঙ্কৰদেৱ

 পাঁচ শ মান বছৰ আগত ব্ৰহ্মপুত্ৰৰ কোষত শস্যে-মৎস্যে অনুপম বৰদোৱাত (বৰদৱাত) কায়স্থ কুলৰ পদ্মফুল ৰাজধৰ নামে এজনা শিৰোমণি ভূঞা শঙ্কৰ-সূৰ্য্যৰ উদয়আছিল।[১] তেওঁৰ পুত্ৰ মহা বৰা দেশধৰ দানী মানী পৰম বিশিষ্ট সূৰ্যবৰ। তেওঁৰ পুত্ৰ বিখ্যাত শিৰোমণি ভূঞা কুসুম্বৰ।[২]

 কুসুম্বৰে শ্ৰহৰি ভূঞাৰ (পাত্ৰ) নাতি অনিৰুদ্ধৰ দুহিতা ৰূপে গুণে ধন্যা পৰম ধৰ্মৱতী সত্যসন্ধ্যাক বিবাহ কৰে।২৯৬ [৩] চাৰিবেদ শিৰোমণিত যাৰ চৰণ বিকাশ সেই লীলাময় নাৰায়ণে বলিকালত পাপত মগ্ন হোৱা জীৱক হৰি ভক্তিৰে উদ্ধাৰ কৰিবলৈ মায়া নৰতনু ধৰি কুসুমৰ ঔৰসত সত্যসন্ধ্যাৰ গৰ্ভত পৰা ১৩৭১ শঁকৰ ৫ আহিন শুক্লা দশমীৰ দিনা উত্তৰ পূৰ্ব ভাৰত-গগনত দেখা দিয়ে। ১ সেই সময়ত সকলো সমাজে জয় জয় শব্দ কৰে, দেৱবাদ্য আকাশ চানি বাজি উঠে আৰু প্ৰভুৰ তৰুণ চৰণৰ কান্তি আদিত্য উদয়ৰ দৰে আন্ধাৰ দূৰ কৰি জিলিকি উঠে। শ্ৰীশঙ্কৰ কলেৱৰ


  1. শিৰোমণি ভূঞাৰ ৰাজ্যৰ সীমা-উত্তৰে শিঙৰি, দক্ষিণে কপিলী, পুৱে চানধৰা আৰু পশ্চিমে কপিলী-লোহিত সঙ্গম স্থল। বৰদোৱা শিৰোমণি ভূঞাৰ ৰাজধানী আছিল। ৰাজধৰে ৬২ বছৰ বয়সত বৰদোৱাৰ ৮ মাইল উত্তৰে থকা আলিপুখুৰীলৈ ৰাজধানী স্থানান্তৰিত কৰে। শ্ৰী আলি পুখুৰীত জন্মে, পাছতহে বৰদোৱালৈ যায়। (শঙ্কৰ চৰিত।)
  2. ১২০০১ পদ শ্ৰীমদ্ভাগৱত- শঙ্কৰদেৱ।
  3. শঙ্কৰ-চৰিত-ৰামচৰণ।