পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৴৹

শব্দাৰ্থবোৰ লিখাত শ্ৰীযুত নাথ ডাঙৰীয়াৰ পুথিৰপৰা বিশেষ ভাৱে সহায় লোৱা হৈছে। এই কাৰণে জয়জয়তে আমাৰ পথ প্ৰদৰ্শক শ্ৰীযুত নাথ ডাঙৰীয়াৰ ওচৰত কৃতজ্ঞতা জনালোঁ।

 আমি পুখিখনি যুগুত কৰি এটাই ভাষাতত্ববিদ প্ৰাচীন পুথি চৰ্চাত সুপণ্ডিত ৰায়বাহাহৰ শ্ৰন্ধাস্পদ শ্ৰীযুত কালীৰাম মেধি এম, এ, ডাঙৰীয়াৰ ওচৰলৈ পঠাইছিলোঁ; তেখেতে দয়া কৰি অশেষ শ্ৰমকৰি তেখেতৰ হাতত থকা আন এখন সাঁচীপতীয়া বৰগীতৰ লগত মিলাই আমাৰ লিখাবোৰ ভালদৰে পঢ়ি চাইছে আৰু মাজে মাজে সংশোধন আৰু আৱশ্যক বুজি নতুন কথা যোগ দি আমাক সুজিব নোৱাৰা ঋণ-জালত আৱদ্ধ কৰিছে। এইবাবে শ্ৰদ্ধেয় মেধি ডাঙৰীয়াৰ ওচৰত চিৰকৃতজ্ঞ থাকিলোঁ।

 আমাৰ অনুজ শ্ৰীমান বিচিত্ৰ নাৰায়ণ দত্ত বৰুৱাই প্ৰতিটা বৰগীতৰ তলত সৰল ব্যাখ্যা দিবলৈ আমাক অনুৰোধ কৰিছিল। বাস্তৱতে এইদৰে প্ৰকাশ কৰিব পাৰিলে বেচি ভাল আছিল কিন্তু সময়ৰ অভাৱত এই সংস্কৰণত হৈ নুঠিল।

 ভুলৰ হাত সৰা আমাৰ দৰে অলপ বিদ্যাৰ লোকৰ পক্ষে বৰ টান। কৰবাত কিবা দোষ দেখিলে সুধীসকলে কৃপা কৰি জানিবলৈ দিলে কৃতাৰ্থ বোধ কৰিম।

 প্ৰাচীন সাহিত্য প্ৰকাশৰ অৰ্থে আমি আজি ৫।৬ বছৰ একাদিক্ৰমে যত্ন কৰি ভগবানৰ কৃপাত “শ্ৰীমদ্ভাগৱত ভৰাল” *


 * এই ভৰালৰ পৰা “চিত্ৰত দশম স্কন্ধ ভাগৱত” ছপাৰ যোগাৰ পাতি কৰিব ধৰা হৈছে।