পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
শ্ৰীবৎস চিন্তাৰ বনবাস।


দুৰাচাৰি জিয়াই মোৰ কাকো না চাহিলে।
চান্দালক মাল্য দিয়া কলঙ্ক আনিলে॥
পুৰুষে পুৰুষে মোৰ ৰহিল অক্ষাতি।
হেন ইচ্ছা হোৱে মৰোঁ গলে দিয়া কাতি॥ ২৯৭
হৰি হৰি বিধি মোৰ কি কৰ্ম্ম কৰিলা।
ভদ্ৰা লাগি কত সত ভুপতি আসিলা॥
কাকো নেদেখিলি তই দৰিদ্ৰে বৰন।
সভা মাজে ভৈল মোৰ মস্তক মুন্দন॥ ২৯৮
ইসব বেজাৰে নাহি ৰুসে অৰ্ন্ন পানি।
হেন ইচ্ছা কৰোঁ মই প্ৰবেসোঁ অগণি॥
লাজে অপমানে ৰাজা যেন ভৈলা হিন।
কান্দিলা অসেষ ৰাজা বিয়াকুল-মন॥ ২৯৯
ৰাণী কহে মহাৰাজ ভৈলা হতজ্ঞান।
কৰন কাৰণ কৰ্তা দৈৱকীনন্দন॥
হেলায় স্ৰজন যাৰ হেলাতে সংহাৰ।
বুঝিবেক তাৰ মায়াঁ সক্তি হেন কাৰ॥ ৩০০
ভদ্ৰা তনয়াকে বুদ্ধি দিয়া আছে হৰি।
তুমি আমি চিন্তা কৰি কি কৰিতে পাৰি॥
মায়া মোহ তেজি নাথ কৰ্ম্ম কৰা সাৰ।
জাত হন্তে সংসাৰ সমুদ্ৰে হৈবা পাৰ॥ ৩০১
পাছে মহাদেবী গৈলা বাহিৰ ভবনে।
দেখন্ত আচয় ভদ্ৰা স্বামী বিদ্যমানে॥