পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
শ্ৰীবৎস চিন্তাৰ বনবাস।

বানিজ্য কাৰণে আসি গৈলো ৰসাতলে।
বিধিৰ নিৰ্ব্বন্ধা হেন আমাৰ কপালে॥ ২৫০
কথা শুনি মালিনিৰ দয়া উপজিলা।
সাদৰে সম্ভাষি তাংক ঘৰে লৈয়া গৈলো॥
যতদিন ইচ্ছা থাকে আমাৰ গৃহতে।
ভাগিনী সম্বন্ধে তুমি থাকিও গুপুতে॥ ২৫১
সুভদিন ভৈল বাপু দুঃখ অৱসান।
সাগৰত পৰি তেবে পালা পৰিত্ৰাণ।
মালিনিৰ বাক্যে ৰাজা হৰিস পাইলস্ত।
ইস্বৰ চৰন চিন্তি তৈতে ৰহিলন্ত॥ ২৫২
তদন্তৰে দিলা আনি ৰন্ধঁন সম্ভাৰ।
নিজ হস্তে ৰন্ধঁন কৰন্ত নৃপবৰ॥
সুদ্ধ মনে মাধৱক কৰি সমৰ্পন।
সেসতে ভুঞ্জিলা অন্ন স্মঁৰি জনাৰ্দ্দন॥ ২৫৩
যাদৱ বদতি সুনা পান্দু শীৰোমণী।
সুনিয়োক চাৰি ভাই কৃষ্ণা সুৱদনী॥
তোৰা সবে বিসাদ কৰহ কি কাৰণ।
সুখ দুখ যত কৰ্ম্ম বিধিৰ বিধান॥ ২৫৪
ব্ৰহ্মাঁ বিস্তু মহেশ্বৰ সবাৰ ওপৰ।
তাসম্বাঁৰ কৰ্ম্ম বুঝা আসাধ্য দেৱৰ॥
সম্মুখতে দেখিয়োক বৃক্ষ পুৰাতন।
কালে পাইলে হেন বৃক্ষো কৰিবে চেদন॥ ২৫৫