পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
শ্ৰীবৎস চিন্তাৰ বনবাস


বিসাদে তাপিত প্ৰাণ,   চিন্তা বিনে নাহি আন
  বৃক্ষগণে সোধে কথা জাই॥ ২১৯
খুধা তৃস্না অনাহাৰ,   নানা ক্লেসে নৃপবৰ
  অষ্ঠি চৰ্ম্ম মাত্ৰ আচে প্ৰানে।
ভ্ৰমি বন নানা স্থান,   চিত্ৰানন্দ নামে বন
  প্ৰবেসীল সুৰভি আশ্ৰমে॥ ২২০
বিচিত্ৰ কানন শোভা   সুৰা সুৰমন লোভা
  বসন্তৰ সৌন্দৰ্য্য আবাস।
নানা জাতি পশুপক্ষি,   বিভোৰ আনন্দে আসি
  নিৰ্ভয়ে থাকন্ত এক পাষ॥ ২২১
সৰোবৰ মাজে মাজে   কনক কমলৰাজে
  জাকে জাকে ৰাজহংস যত।
শ্ৰীবৎস ধৰণীপতি   দেখিলা গোমাতা সতী
  ধিৰে ধিৰে গৈলা সমিপত॥ ২২২
জিৰ্ণ বাস পৰিধান,   চিন্তাযুক্ত দেখি মন
  দেখি মাতা জিজ্ঞাসা কৰন্ত।
ত্ৰিপদিব চন্দ ধৰি,   শুনিওক কৰ্ণ ভৰি
  অজ্ঞানী কবিয়ে ভনিলন্ত॥ ২২৩