পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
শ্ৰীবৎস চিন্তাৰ বনবাস।

দৈবেতে আপদ ঘটে,   তৰণী আটক ঘাটে
  হেন ৰুপে বিধি বিড়ম্বিঁল।
পাছে সেহি মহাজন,   কহে আসি সুবচন
  নাৰিগণ বিনয়ে ডাকিলা॥ ২১৪
আমি সব সঙ্গে কৰি,  আছিলোঁ যতেক নাৰি
  আথে বেথে তৰণী চোয়াইলা।
নচলন্ত যেবে তৰি   পুনৰপি যত্ন কৰি
  তোমাৰ চিন্তাই লৈয়া গৈলা॥ ২১৫
বৰ্জ্ৰসম বাক্য শুনি,  হতজ্ঞান নৃপমণী
  অচেতনে পৰিলা ভূমিত।
ক্ষমকে চেতন পায়   বোলে ৰাজা হায় হায়
 বিধতা ডন্দিলে হেন মত॥ ২১৬
কোননো জন্মৰ পাপে   দংসীলেক কাল সাপে
  ভাৰ্য্যা সঙ্গে বঞ্ছিলো কাননে।
ধনৰত্ন যত আনি,   সকলো হৰিলে সনি
  আছিলোহো সেষে দুই প্ৰাণে॥ ২১৭
তোতো সাধিলিহি বাদ,  ঘতাইলি পৰমাদ
  আৰু নো কি আছে তোৰ মনে।
চিন্তানলে তনু দহে   ঘনে ঘনে স্বাস বহে
  লৱৰি গৈলন্ত নদি স্থানে॥ ২১৮
দুৰ্যোৰ অৰণ্য মাজে   চিন্তা চিন্তা বুলি কান্দে
  খুজি ফুৰে বাতুল পৰাই।