পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
শ্ৰীবৎস চিন্তাৰ বনবাস।

হেন সুনি নমস্কাৰ কৰি দিজবৰে।
কহিবে লাগিলা সাধু যোৰ কৰি কৰে॥
অমৃত সমান শুনী তোমাৰ বচন।
সত্য হোন্ত তব বাক্য কৰো অনুমান॥ ১৭৭
কিৰুপে নীস্তাৰ পাও এ দুখ ৰজনী।
ইহাৰ উপাই কহ ওহে দ্বিজ মণি॥
পুনৰপী গ্ৰহদেবে কৰিবো পুজন।
এঘোৰ দুৰ্গতি মোৰকৰোক খন্দন॥ ১৭৮
ব্ৰাহ্মঁন বদতি সাধু সুনিয়ো বচন।
এহিগ্ৰামে আছে যত সতী নাৰিগন॥
বিনয় সম্ভাষি তাক আনিয়ো সম্প্ৰীত।
ধন পাইলে দুখীগন হৈবেক সন্মত॥ ১৭৯
তাহাৰ মাঝত জিবা প্ৰতিব্ৰতা নাৰি।
তাইৰ পৰসে সুদ্ধ হুইবেক তৰি॥
পত্ৰিব্ৰত নাৰি জাতি লক্ষ্মি অৱতাৰ।
অনায়াসে হেন সংকততহৈবা পাৰ॥ ১৮০
এতেক বুলিয়া দ্বিজ ভৈলা অন্তৰ্দ্ধান।
শুনি হৰষিত ভৈল সাধু মহাজন।
পাইলো পৰমতত্ব দ্বিজ সমিলনে।
কিংকৰ দিলা আজ্ঞাঁ হৰষিত মনে॥ ১৮১
কাস্থজিবি নাৰিগণ আনিবে লাগয়।
যতেক কহিল দ্বিজ মোৰ মনে লয়॥