পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
শ্ৰীবৎস চিন্তাৰ বনবাস।

কতো বেলি থাকি পাছে জাল তুলিলেক
জালত উথিলা বড় মৎস যে অনেক॥ ১১০
দেখি ধিবৰৰ মনে আনন্দ অপাৰ।
ৰজাৰ চৰনে পৰি কৰে নমস্কাৰ॥
তৈৰহন্তে এক গোট মৎস বাছি লৈল।
দগ্ধ কৰিবাক লাগি ৰাণী হাতে দিল॥ ১১১
ৰাণী বোলে প্ৰাননাথ উছিত হোৱয়।
মিন পোৰা খাইলে শনি তুস্ত বুলি কয়॥
অনন্তৰে গৈয়া ৰাণী মৎস পুৰিলন্ত।
বৃক্ষতলে বসি ৰাজা নিদ্ৰিত ভৈলন্ত॥ ১১২
পোৰা মৎস দেখি ৰানি খেদ কৰে মনে।
তৃপিতি নোহন্ত যাৰ সতেক বেঁঞ্জনে॥
সৰ্ব্ব চুচ্য লেহ্য পেহ্য ভোজন অমৃত।
হেন জনে দগ্ধ মিন দিবোহোঁ কি সত॥ ১১৩
সৰোবৰে নামি চিন্তা মিনক প্ৰক্ষালে।
হস্ত হন্তে গৈলা মৎস অগাধ সলিলে॥
অনেক খুজিয়া ৰানি মৎসক ন পাইল।
ধৰণীত পৰি কান্দে হৈয়া বিয়াকুল॥ ১১৪
কি বোল বুলিবো আবে ৰাজা খুধাতুৰ।
জানো যে বোলন্ত পাছে কৱিছ চতুৰ॥
ধিক মোৰ জীৱনত ধিক সত বাৰে।
স্বামীৰ এতেক দুঃখ নয়ন গোছৰে॥ ১১৫