পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
শ্ৰীবৎস চিন্তাৰ বনবাস।

সৰোবৰ জলে দুয়ো স্নান কৰিলন্ত।
হৰিক সুমৰি সেহি ফুল ভুঞ্জিলন্ত॥
স্নান জলপান কৰি কিছু শান্ত ভৈলা।
বৃক্ষতলে বসি চিন্তা নিদ্ৰা আকৰ্ষিলা॥ ১০৫
সেহি সৰোবৰ হন্তে মৎসজীবি এক।
কান্ধে জাল লৈয়া আসে দেখিলন্ত তাক॥
দাক দিয়া বোলে ৰাজা সুনাহে ধীবৰ।
তিন দিন তিন ৰাতি আছোঁ অনাহাৰ॥ ১০৬
একখানি মৎস যদি দেশ দয়া কৰি।
ক্ষুধাত বিকল তনু বুঝি প্ৰাণে মঁৰি॥
ৰাজাৰ বচনে সিতে মৎসজীবি জন।
একথিৰে নিৰিখন্ত দোহাৰো বদন॥ ১০৭
মৎস নাহি মিলে দেখা কি দিবো তোমাক।
পালতি আসিছোঁ হেৰা ঘৰে জাইবাক॥
ৰাজা বোলে বাপুহেৰা মোৰ বাক্য ধৰা।
ইবাৰ উথিব মৎস বিলম্বঁ নকৰা॥ ১০৮
মোক কিছু দিবা আৰু ঘৰে লৈয়া জাইবা।
পুত্ৰ পৰিয়াল সৈতে মহাসুখে খাইবা।
সাধক পুৰুষ মানি জালতুলি লৈলা।
তিৰত থাকিয়া ৰাজা আদেস কৰিলা॥ ১০৯
তাল বেতালক ৰাজা স্মঁৰণ কৰয়।
খেৱা দিয়া জাল সিতো ধিবৰে পাতয়॥