পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/২৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
শ্ৰীবৎস চিন্তাৰ বনবাস।

ইথানতে বসি ৰজা থাকিওক চাই।
পুনৰ্বাৰ নৌকা আনি লৈয়াজাবো মই॥
কান্দাৰিৰ বানি শুনি শ্ৰীবৎস নৃপতি।
কাঁণ্ঠাখান নাৱে তুলি দিলা হৰ্ষমতি॥ ৯৫
কাৰ্য্য সিদ্ধি কৰি সনি নাও বাহি গৈল।
ইপাৰত থাকি দুই দেখিবাক লৈল॥
বনপৰ্ব্ব মধুৰ অমৃত ইতিহাস।
যাহাৰ শ্ৰবনে পাপ হোৱন্ত বিনাশ॥ ৯৬
পৰম অবোধ আমি দ্বিজ শিশুমতি।
দোষ নধৰোক কৰোঁ সবাকে মিনতি।
কেশৱৰ লিলা ইটো কৰিওক পান।
পদ ছন্দে বিৰছিলোঁ শ্ৰীবৎস আক্ষান॥ ৯৭

শ্ৰীকৃষ্ণ বদতি শুনা ধৰ্ম্ম নৃপমনি।
তদন্তৰে যি কৰিলা সনি মহামানি॥
একে একে কহিবোহোঁ তোমাৰ গোচৰ।
পান কৰি তৃপ্তি হৌক চাৰি সহোদৰ॥ ৯৮
যেতি খনে কাঁণ্ঠাতুলি নাৱত দিলন্ত।
কতোদুৰ গৈয়া নাৱ অদৃস্ব ভৈলন্ত॥