পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
শ্ৰীবৎস চিন্তাৰ বনবাস।

ভগ্ননৌকা লৈয়া এক বৃদ্ধ যে কান্দাৰি।
আসিয়া ৰাজাক কহে বচন চাতুৰি॥ ৮৯
কিবা নাম কৈত বাস কহ সবিশেষ।
কাৰ নাৰী চুৰি কৰি পলাইবাক ছাষ॥
ৰাজা বোলে মোৰ নাম শ্ৰীবৎস আছিল।
প্ৰাগ্‌দেশ অধিকাৰি আমাকে কৰিল॥ ৯০
দৈবকোপে ৰাজ্য মোৰ ভৈল নষ্ট প্ৰায়।
সি কাৰনে বনে আসোঁ সহিত ভৰ্য্যায়॥
কান্দাৰি বোলন্ত যদি হোৱ নৰেশ্বৰ।
কৈত গৈল ইস্ত বন্ধু কৈত মন্ত্ৰিবৰ॥ ৯১
হেন শুনি কহে ৰাজা বিষাদ অন্তৰে।
আপদ কালত ভাতৃ বন্ধু পৰিহৰে॥
সিসব কথাত তোৰ কিবা প্ৰয়োজন।
পাৰ কৰি দেহ যদি পাবে কিছু ধন॥ ৯২
কান্দাৰি বোলয় সত্য শুনা নৰপতি।
অতি জিৰ্ণ নৌকা হোৱে ভয় পাওঁ অতি॥
খুদ্ৰ নোহে নদি এহি পানি বৰ ধাৰ।
যদি পাৰ কৰোঁ তেবে দুই তিনি বাৰ॥ ৯৩
অন্য জন হৈলে আমি পাৰ নাহি কৰোঁ।
তোমাৰ দুৰ্গতি দেখি সহিবে নোয়াৰো॥
হেন জানি মহাৰাজা আছে সদুপাই।
মাল বস্তু যি থাকে দিয়োক পথাই॥ ৯৪