পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
শ্ৰীবৎস চিন্তাৰ বনবাস।

তদন্তৰে ভৈলা আসি ৰজনী উদিত।
আকাসত পূৰ্ণ চঁন্দ্ৰ কৰিছে সোভিত॥
সুনিৰ্ম্মল চন্দ্ৰঁমাৰ চাৰি পাষে বেঢ়ি।
লক্ষ কোটি তাৰাগনে প্ৰকাশে আবৰি॥ ৮৪
আইশ প্ৰানেশ্বৰী বুলি গৃহ বাজ ভৈল।
কাঁণ্ঠা মাথে কৰি চিন্তা লগতে লৰিল॥
নিশবদে যান্ত চলি ভাৰ্য্যাৱে সহিত।
নগৰ উতৰ ভাগে পশিলা বনত। ৮৫
নিদাৰুন বিধি কৈলা শনি দুৰাচাৰি।
ৰাজ্যনাশ বনবাস সঙ্গে লৈয়া নাৰী॥
শাৰি শাৰি বৃক্ষ আৰু তৃনলতাচয়।
তাৰ মাজে ধিৰে ধিৰে যান্ত মহাশয়॥ ৮৬
অনেক এৰাইল আৰু বন উপবন।
তাত পাছে যিবা ভৈল শুনা সৰ্ব্বজন॥
ভয়ংকৰ নদি খনি তথাতে দেখিল।
মেঘে যেন গৰ্জে শুনি জলৰ আস্ফাল॥ ৮৭
সাগৰ সংকাষ সেহি নদি খান বহে।
কি মতে হৈবোঁহো পাৰ চিন্তা কৰি ৰহে॥
বৃক্ষ তলে বসি ৰাজা বিষাদ কৰয়।
হাঁয় মোৰ ভাগ্যে কত জাতনা আছয়॥ ৮৮
পথশ্ৰমে শ্ৰান্ত মহা সৰিৰ বিকল।
সনিৰ মায়াতে জানে এবেসে থেকিল॥