পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গীতা-সৃষ্টি। অধৰ্মত অভিভূত হয়। এতেকে, হে জনাৰ্দন! কুলক্ষয়জনিত পাপ দেখিও আমি তাৰপৰা নিলগ নহৰ কিয়? হে বৃষ্ণিকুলতিলক। শুনিছো, কুলধৰ্ম অধৰ্ম্মত পতিত হলে কুলনাৰীগণ ভ্ৰষ্টাচাৰিণী হয়। সেয়ে হলে, কুলত কলঙ্কস্বৰূপ বৰ্ণসঙ্কৰৰ উদ্ভৱ হয় (১)। তাৰ ফলত পিতৃ-পিতামহসকলৰ সদগতি নহৈ, সিবিলাকৰ স্বৰ্গীয় আত্মা ক্ৰমাৎ নৰকগামী হয় (২)। আৰু তাৰ ফলত কুলনাশকগণৰ জাতিধৰ্ম, সনাতন কুলধৰ্ম আৰু আশ্ৰমধৰ্ম্ম একেবাৰে উচ্ছিন্ন হয় (৩)। তদুপৰি, হে জনাৰ্দন! শুনিছো, বোলে যাৰ কুলধৰ্ম আৰু জাতিধৰ্ম বিনষ্ট হয়, সেইবিলাক মানবাত্মা সৰ্ব্বতিকাল নৰকত পৰি থাকে (৪)। হায়, কি কষ্ট! আমি কি যে মহাপাপ আচৰিবলৈ উদ্যত হৈছে। যিহেতু আমি ৰাজ্যমুখ-লোভত পৰি আত্মীয়বৰ্গক বধিবলৈ আগ বাঢ়িছে। ৫)। মোৰ মনেৰে, মোক যদি নিৰ অৱস্থাত সশস্ত্ৰ দুৰ্য্যোধনাদি ধৃতৰাষ্ট্ৰৰ পুত্ৰগণ বধ কৰে, তেন্তে সি মোৰ কল্যাণৰ অৰ্থে হে (৬)।” ইয়াকে কৈ অৰ্জ্জুনে ৰণক্ষেত্ৰত শৰ-ধমু পৰিত্যাগ কৰি শোকাকুল চিতেৰে ৰথৰ ওপৰত বহি পৰিলগৈ (৭)। দেখি-শুনি সকলে বিচুত্তি হল। সকলোৱেই সেই বিষম সমস্যাৰ পাৰ ক’ত তাক সূক্ষ্ম দৃষ্টিৰে মনি চাবলৈ ধৰিলে। সকলোৰেই ভাবি পলে যে, সেই অপাৰ সমস্যাৰ পাৰ কেৱল (১) শ্ৰীমদ্ভাগৱদগীতা, প্ৰথম অধ্যা, ৪০ শ্লোক। (২) গীতা, প্ৰথম অধ্যা, ৪১ শ্লোক। (৩) গীতা, প্ৰথম আধ্যা, ৪২ শ্লোক। (৪) গীতা, প্ৰথম অধ্যা, ৪৩ শ্লোক। (৫) গীতা, প্ৰথম আধ্যা, ৪৪ শ্লোক। (৩) গীতা, প্ৰথম।আধ্যা, ৪৫ শ্লোক। (৭) গীতা, প্ৰথম আধ্যা, ৩ শ্লোক।