পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজ্যভোগ সুখলৈকো মোৰ আকাংক্ষা নাই (১)। হে গোবিন্দ। আমাৰ ৰাজ্যৰেইবা কি প্ৰয়োজন? আক, জীৱনধৰাৰেই বা আমাৰ ফল কি? যিহেতু, যাৰ নিমিত্তে ৰাজ্যভোগ আৰু সুখ কামনা কৰা যায়, সিবিলাকেইচোন ৰণত উপস্থিত (২)। সৌৱা মোৰ গুৰুজন, পিতৃব্যসকল, পুত্ৰগণ ও সেয়া পিতামহ, শহুৰ, মোমাই, নাতি-পুতি আৰু জেঠেৰি-বৈই-খুলশালি প্ৰভৃতি; তদুপৰি, সমস্ত আত্মীয়-কুটুদি সকলোৱেই ধনৰ মমতা আৰু প্ৰাণৰ মায়া ত্যাগ কৰি ৰণত অৱস্থিত হৈছেহি। এতেকে, হে মধুসূদন! মোক বধ কৰিলেও সিবিলাকক বধিবলৈ মোৰ সত নাযায় (৩)! পৃথিবীৰ ৰাজত্ব হে নালাগে, ত্ৰৈলোক্য ৰাজ্যলাভাৰ্থেও ইবিলাকক মই বধ কৰিব নোৱাৰোঁ। হে জনাৰ্দন! দুৰ্য্যোধনাদিক হত্যা কৰি নো আমাৰ কি সুখ হব (9)? হে মাধৱ! দুৰ্য্যোধনাদিয়ে লোভ পাপ কৰিবলৈ উদ্যত হৈছে যদিও, আমি কুলক্ষয়- জনিত পাপ (0) আচৰে কিয়? কুলক্ষয় হলে সনাতন কুলধৰ্ম্ম সমূহ বিনষ্ট হয় (৬); আৰু কুলধৰ্ম্ম নষ্ট হলে অৱশিষ্ট সমস্ত কুল (১) শ্ৰীমদ্ভাগৱদগীতা প্ৰথম অধ্যা, ৩১ শ্লোক। (২) গীতা, প্ৰথম অধ্যা, ৩২ শ্লোক। (৩) গীতা, প্ৰথম আধ্যা, ৩৩ আৰু ৩৪ শ্লোক। (৪) গীত, প্ৰথম অধ্যা, ৩৫ শ্লোক। ৫) প্ৰকৃততে, আত্মীয়-কুটুম্বাদিক ৰণক্ষেত্ৰত সমবেত দেখি অৰ্জুন শোক- মোহাচ্ছন্ন হোৱা নাই; সত্ত্বগুণৰ প্ৰভাৱত বৈবুদ্ধি নাশ হোৱা হেতুকেহে তেওঁৰ হিংসাপুৰ্ণ ৰণপ্ৰবৃত্তি স্বভাবতে শামকাটি আহিল আৰু, সত্ত্বগুণৰ প্ৰভাৱত শত্ৰুৰ প্ৰতি মিত্ৰভাৱে চালেই বণলীগা আপোনা-আপুনি মাৰ যায়। -কৃষ্ণানন্দস্বামিকৃত গীতাৰ্থ সন্দীপনী। (৩) গীতা, প্ৰথম আধ্যা, ৩৬–৩৯ লোক।