পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কুৰুক্ষেত্ৰ-ৰণাৰম্ভণ ঘোষণা।
৬১৫
 

মনস্তাপ সহিলোঁ, সেই অপায়-অমঙ্গলেই আকৌ আমাক মেৰাই ধৰিছে! অহ, আপোন বংশকুটুম্বৰ লগত এতিয়া ৰণ কৰোঁ কোন সতে? নিজৰ পিতৃব্য-পিতামহ, ভাতৃবংশধৰ আদিক বধি জয়লাভ কৰি কি লাভ! কিন্তু, কি কৰিম, আগন্তুক ৰণ অনিবাৰ্য্য! যথাক্ষণলৈ ক্ষন্তেক মাথোন বাকী, ক্ষন্তেকৰ পাচতে এই মুখেই ৰণাৰম্ভণ ঘোষণা কৰিব লগাত পৰিম। যি হওক, এই বিষম ক্ষণৰ আগতে মোৰ সেই আত্মীয়-কুটুম্ব, পিতৃব্য-পিতামহ, ভ্ৰাতৃ-বংশধৰসকলৰ লগত শেষবাৰৰ নিমিত্তে সম্প্ৰীতি সাক্ষাৎ কৰি আহোঁগৈ।” এই বুলি পদব্ৰজে বিনাৰক্ষকে ফটফটীয়া পূৰ্ণিমাৰ জোনাকী সন্ধিয়া ধৰ্ম্মবল যুধিষ্ঠিৰে নিঃশঙ্ক মনেৰে শত্ৰু-শিবিৰত প্ৰৱেশ কৰিলেগৈ। ইফালে চাৰি পাণ্ডৱ মহা চিন্তাত পৰিল,—কোমল অন্তৰৰ অগ্ৰজে জানোবা আৰু কি অপায় মিলায়গৈ বুলি। তেওঁৰ কোমল দয়াৰ্দ্ৰচিত্তৰ কাৰ্য্যফল অনুসৰিয়েই নিজৰ ৰাজ্যধন হেৰুৱাই অশেষ লাঞ্ছনা আৰু দুৰ্গতি সহি এই বিপদত উপস্থিত হব লগীয়া হৈছে। এতিয়া তেওঁৰ সেই কোমলতাই মহাসমৰত কি জানো কি সৰ্ব্বনাশ ঘটায়, এই চিন্তাত চাৰি ভাই বিমোৰ হল। সিবিলাকে অগত্যা চিন্তাহাৰী ভগৱান পৰম মিত্ৰ শ্ৰীকৃষ্ণক মনৰ আশঙ্কা জনালেগৈ। ধৰ্ম্মসৰ্ব্বজান হৰি বাসুদেৱে হাঁহি মাৰি এই বুলি সিবিলাকক অভয় দান দি থলে, “কোনো সংশয় নাই, আপদত সৰকিবলৈ ধৰ্ম্মৰাজ যুধিষ্ঠিৰৰ বাহ্যিক বলৰ প্ৰয়োজন নাই; তেওঁ আত্মধৰ্ম্মবলেৰেই নিৰাপদে উলটি আহিবগৈ।” শ্ৰীকৃষ্ণৰ আশ্বাসত বিশ্বাস কৰি চাৰি ভাই শান্ত হল। সিফালে কৌৰৱ শিবিৰত গৈ, ধৰ্ম্মৰাজ যুধিষ্ঠিৰে পিতৃব্য ৰজা ধৃতৰাষ্ট্ৰ, পিতামহ ভীম, অস্ত্ৰগুৰু দ্ৰোণ, ভাতৃ দুৰ্য্যোধনাদি সকলোকে যথাযোগ্য সম্ভাষণ কৰি লৈ, ভীষ্মদেৱত উপস্থিত মহাৰণৰ চৰমফল বিষয়ক গোটাদিয়েক