পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৯। আধ্যা।

কুৰুক্ষেত্ৰ-ৰণাৰম্ভণ ঘোষণা।

 এপক্ষে ৭ সাত অক্ষৌহিনী আৰু ইপক্ষে ১১ এঘাৰ অক্ষৌহিনী সৈন্যৰ সমষ্টিৰে সৈতে মুঠ ওঠৰ অক্ষৌহিনী সৈন্য-সামন্ত সমুখ-সংগ্ৰামলৈ সষ্টম। দুমোপক্ষে ৰণাৰম্ভণৰ শুভক্ষণ পূৰ্ণিমা তিথিলৈ উত্ৰাৱল চিতেৰে ক্ষণ গণিব লাগিছে। পছিমপ্ৰান্তৰ সাত অক্ষৌহিনী পাণ্ডৱ সৈন্যক পূবপ্ৰান্তৰ এঘাৰ অক্ষৌহিনী কৌৰৱসৈন্যে গবাহ মাৰি ধৰিবলৈ তৰ্জ্জন-গৰ্জ্জন আৰু আস্ফালনেৰে ৰণভূমি কঁপাব লাগিছে। পূৰ্ব প্ৰান্তৰ এঘাৰ অক্ষৌহিনী কৌৰৱসেনাক মোহাৰি পেলাবলৈ পছিমপ্ৰান্তৰ সাত অক্ষৌহিনী পাণ্ডৱ সেনা উত্ৰাৱল হব লাগিছে। ভীমসেনত বাজে কিন্তু আন চাৰি পাণ্ডৱ বীৰ স্থিৰ আৰু চিন্তাযুত। বিশেষকৈ, ধৰ্ম্মৰাজ যুধিষ্ঠিৰ আৰু মহাৰথ অৰ্জ্জুন উদাস আৰু চিন্তিত।

 ৰণাৰম্ভণলৈ ক্ষণ যিমানেই কাষ চাপি আহিল, ধৰ্ম্মপ্ৰাণ ৰজা যুধিষ্ঠিৰৰ কোমল অন্তৰ সিমানেই ব্যথিত হবলৈ ধৰিলে। শেহান্তৰত, ঠিক মূৰামুৰি সময়ত তেওঁ এই বুলি আক্ষেপ কৰিবলৈ ধৰিলে, “হাঁয়! যি অপায় এৰাবৰ অভিপ্ৰায়ে মই প্ৰাণপ্ৰতিম ভাই-ভাৰ্য্যা সমন্বিতে ১২ বাৰ বছৰ বনবাস খাতি অশেষ দুখ-কষ্ট ভোগ কৰিলোঁ, আৰু যি অমঙ্গল খণ্ডাবৰ অৰ্থে এবছৰ সুকঠিন অজ্ঞাতবাস খপি অসহনীয়