পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০০
শ্ৰীকৃষ্ণ৷
 

যাদবেশ্বৰ আৰু শৈবৰাজ দানবেশ্বৰ আপোনাৰ মাজত সংপ্ৰীতি সন্ধি সংস্থাপন কৰাটো সৰ্ব্বতোভাৱে বিধেয়। শৈব-বৈষ্ণৱ-সম্মিলন আপোনাৰ দিনতে পোন্-প্ৰথম সংঘটন নহব, আপোনাৰ কীৰ্ত্তিমন্ত পিতৃ বলিৰাজৰ দিনতে ই সংঘটিত হৈ আছে।” মহাত্মা কুম্ভাণ্ডৰ বক্তব্যৰ অন্তত, দেবৰ্ষি নাৰদ মুনিয়ে তেওঁৰ প্ৰতি কথাকে সযুক্তি সমৰ্থন কৰি, তেওঁৰ প্ৰস্তাবিত সন্ধি-সংস্থাপন আহবান কৰিবলৈ বাণৰাজক উপদেশ দি সেই সম্প্ৰীতি সন্ধি-সংস্থাপনৰ প্ৰস্তাবত শান্তি হবলৈ ভগৱান শ্ৰীকৃষ্ণত সভক্তি প্ৰাৰ্থনা জনালে। এই দুগৰাকী মহাজ্ঞানী পুৰুষৰ প্ৰস্তাব আৰু সমৰ্থন অনুসৰি উভয় পক্ষে বাণ-কৃষ্ণসন্ধিবন্ধন সাদৰে গ্ৰহণ কৰিলে।

 “বাণ-কৃষ্ণ সন্ধি” সংস্থাপনৰ পচত, বাণৰাজৰ অনুৰোধ মতে, ভগৱান শ্ৰীকৃষ্ণদেৱে ৰাম, প্ৰদ্যুম্ন, নাৰদ আৰু সুপৰ্ণ সমন্বিতে উষা- অন্তপুৰলৈ প্ৰৱেশ কৰি মহোল্লাসেৰে অনিৰুদ্ধ কুমাৰক বন্দীশালৰপৰা যথাবিধি মুক্ত কৰিলেগৈ। তাৰ পাচত নাৰদমুনিৰ বিধান অনুসৰি, সৰ্ব্বসম্মতিক্ৰমে উষা-অনিৰুদ্ধৰ বীৰ্য্যাক্ষ বিবাহকাৰ্য্য সম্পাদন কৰা হয়, আৰু ধৰ্ম্মাত্মা কুম্ভাণ্ড মন্ত্ৰীয়ে অতুল ঐশ্বৰ্য্য পূৰ্ণ যৌতক যথাবিধি ৰজাৰ হৈ অৰ্পণ কৰিলেহি। সেই ছেগতে বিচক্ষণীয়া ৰাজনীতিজ্ঞ মহামন্ত্ৰী ধৰ্ম্মাত্মা কুম্ভাণ্ডা মন্ত্ৰীৰে সৈতে সদালাপ কৰি, সৰ্ব্বশাস্ত্ৰবিশাৰদ অলৌকিক ৰাজনৈতিকপুৰুষ ভগৱান শ্ৰীকৃষ্ণই পৰম তৃপ্তি লাভ কৰিলে (১) এই অনুক্ৰমে শুভকাৰ্যাদি সম্পাদন কৰি উঠি, নুমলীয়া


(১) মহাজ্ঞানী কুম্ভাণ্ড মন্ত্ৰীৰ সাংসাৰিক, সামাজিক, ৰাজনীতিক আৰু আধ্যাত্মিক জ্ঞানৰ পৰিচয়ত পৰিতৃপ্ত হৈ, ভগৱান শ্ৰীকৃষ্ণই বাণ নৰপতিৰ সম্মতিক্ৰমে মহাত্মা কুম্ভাণ্ডৰ শোণিতপুৰৰ একাংশৰ অধিপতি পাতি তেওঁক যথাযোগ্য মান ধৰে৷ -- “হৰিবংশ’’ ১৮৩ আধ্যা।