পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮৬
শ্ৰী কৃষ্ণ৷
 

এই বৰ্ণবিভ্ৰাট ঘটিছে (১)।” এই কথাত বিস্ময় মানি পোনপটি বলৰামে তত্ত্বজ্ঞ শ্ৰীকৃষ্ণক পুনৰপি সশঙ্কিত চিতেৰে প্ৰশ্ন কৰিলে, “হে কৃষ্ণ। আমি অগ্নিগড়ৰ কাষ চাপোঁতেই যদি এই দৰে ক্ৰমাৎ নিষ্প্ৰভ হৈ পৰিছোঁ তেন্তে সেইহেন অগ্নিগড় কি সাধ্যে লঙ্ঘন কৰিমহঁক। তদুত্তৰত ভয়হৰী শ্ৰীকৃষ্ণদেৱে এটি অভয়সুচক মৃদু হাঁহি মাৰি অগ্ৰজক এই বুলি প্ৰবোধ দিলে, “হে ভোলানাথ! তাৰ উপায় অৱশ্যে হব, আপুনি নিৰুদ্বেগে চাই থাওক।” এইবুলি যাদৱনেতা বাসুদেৱে শঙ্খবাদনেৰে সাঙ্কেতিক আদেশ জ্ঞাপন কৰা মাত্ৰে গৰুড়বাহিনী অগ্নিগড়ৰ দক্ষিণে যোজনান্তৰত ব্ৰহ্মপুত্ৰৰ পাৰত নামিলগৈ। তাতে প্ৰত্যেক বাহনত (২) পাৰ্য্যমানে পানী তুলি লোৱা হল। তাৰ পাচত, শঙ্খধাৰী শ্ৰীকৃষ্ণদেবৰ দ্বিতীয় সাঙ্কেতিক দিহামতে, গৰুড়বাহিনীয়ে অগ্নিতাপ চেৰাই বহুউৰ্দ্ধলৈ উধাই লৈ, ধাৰাষাৰে সেই সঞ্চিত পানী জ্বলন্ত অগ্নিগড়ৰ ওপৰত বৰষিবলৈ ধৰাত, সেই অগ্নিশিখা ক্ৰমাৎ টুটিবলৈ ধৰিলে, আৰু সেই ছেগতে যাদৱবাহিনীৰে সৈতে শ্ৰীকৃষ্ণদেৱে অগ্নিগড় লঙ্ঘন কৰি উষা-নগৰত প্ৰৱেশ কৰিলেগৈ। তেতিয়া অঙ্গুলি-নিৰ্দ্দেশেৰে নাৰদ মুনিয়ে শ্ৰীকৃষ্ণত এই বুলি নিবেদন কৰিলে (৩) “হে গোবিন্দ। সৌৱা কন্যাপুৰ। হে হৰি। তাতে কুমাৰ অনিৰুদ্ধ আৱদ্ধ হৈ আছে (৪)। হে মহাভুজ


(১) “হৰিবংশ” ১৭৯ আধ্যা।

(২) একৈক গড় একৈক বাহন। কোৱা বাহুল্য মাথোন যে, আধুনিক ধাৰণানুযায়ী গৰুড় পখী কেৱল এটিয়েই নহয়, সেই জাতীয় অনেক বলবান পখী এজাত সেই কালত বিদ্যমান আছিল।

(৩) “হৰিবংশ”, ১৭৯ আধ্যা৷

(৩) মহাত্মা কুম্ভাণ্ড মন্ত্ৰীৰ উপদেশ আৰু অনুৰোধ অনুসৰি বাণ-ৰজাই অনিৰুদ্ধ কুমাৰক প্ৰাণে নবধি উষা-নগৰতে সুদক্ষ ৰখীয়া এদল দি বন্দী কৰি ৰাখিছিল।