পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪। আধ্যা।

অগ্নিগড় লঙ্ঘন।

 গৰুড়বাহিনী যাদৱ যাত্ৰীদলক পিচত লৈ, সুপৰ্ণক আগ কবি, বাওঁৱে প্ৰদ্যুম্ন কোৱঁৰ আৰু সোঁৱে অগ্ৰজ হলধৰেৰে শাৰী পাতি যাদৱনেতা গৰুড়ধ্বজ কন্যাপুৰৰ অভিমুখে ক্ৰমাৎ অগ্ৰসৰ হব লাগিছে, এনেতে হলধমে সম্মুখত দৃশ্য-পৰিবৰ্ত্তন দেখি, তত্ত্বজ্ঞ অনুজ শ্ৰীকৃষ্ণক এই বুলি আচৰিত হৈ সুধিবলৈ ধৰিলে, “হে কৃষ্ণ। ই কি আচৰিত। আমি সকলোটি অকস্মাৎ প্ৰভাহীন হৈ পৰিছোঁ কিয়? আৰু, আমি আটাই- বিলাকে সোণালী বৰণ ধৰিছোহঁক কিয়? আন কি, তোমাৰ নীলিমা কৃষ্ণকান্তিয়েও হেঙুলীয়া আকাশী বৰণ ধৰিছে! আমি মেৰুৰ কাষ চাপিছোঁহি নে কি?” ভগৱান শ্ৰীকৃষ্ণই এটি মিচিকিয়া হাঁহি মাৰি এই বুলি সমিচাৰ দিলে, “হে মহাবাহো! তেনেহলে জানিব, আমি কন্যাপুৰৰ নিচেই কাষ চাপিছোঁহিহঁক। মাজকামৰূপৰ অধিপতি বাণ ৰজাৰ ৰাজ্যৰ কন্যাপুৰত উষানগৰ পৰিৰক্ষণাৰ্থে তাৰ দক্ষিণ সীমাত যি অদ্ভুত অগ্নিগড় (১) প্ৰজ্বলিত হৈ আছে, সম্ভৱতঃ সেই গড়ৰ ওপৰৰ অগ্নিশিখাৰ জ্যোতিৰে আমাক পাইছেহি। সেই হেতুকে আমাৰ


(১) অন্ত্যলীলা খণ্ডৰ প্ৰথম আধ্যাৰ প্ৰথম পৃষ্ঠাত দিয়া “অগ্নিগড়’’ বিষয়ক

টীকাত এই বিষয় বিস্তাৰিতকৈ বিবৃত হৈছে।