পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৩০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

boy শ্ৰীকৃষ্ণ। মথুৰালৈ পাৰ কৰি নি, মধুপুৰত বস্ত্ৰ কোৱঁৰৰ লগত থিতাপিকৈ ৰাখেগৈ। যোৱা, পলম নকৰিবা; মোৰ তমুত্যাগৰ আগতে পোৰাকে ঘূৰি আহি তুমি মোক শেষ দেখা দিবাহি”। যদুবংশধ্বংস দৃশ্য সুমৰি চাই, এটি দীঘল হুমুনিয়া পেলাই, গভীৰ ভাবগ্ৰাহী অগ্ৰজ বলমে প্ৰাণপ্ৰতিম অনুজ শ্ৰীকৃষ্ণক গাছ আলিঙ্গন দি, তেওঁৰপৰা এই বুলি শেষবিদায় ললে, “হে মোৰ জীৱনলগৰীয়া প্ৰাণাধিক অনুজ কৃষ্ণ! আজি মোক শেষ বিদায় দিয়া। আজিৰপৰা তোমাৰে-মোৰে মাজত পাৰ্থিব বিচ্ছেদ ঘটিব। মই এতিয়া মুক্তি তপস্যাত বহোঁগৈ। আজিৰপৰা তিনি আেৰাত্ৰৰ ভিতৰত এই পুণ্যভূমি প্ৰভাস তীৰ্থত মই তত্যাগ কৰিম।” এই বুলি দিব্য হাঁহি মাৰি বিদায় লৈ মহাতনু বলৰাম যোগাসনত বহিলগৈ। অগ্ৰজলৈ চাই, “ভাল, ময়ো আহোঁগৈ” এই বুলি শ্ৰীকৃষ্ণদেৱে দ্বাৰাৱতীমুখে চিন্তাযুত হৈ গতি কৰিলে। দ্বাৰকাৰ সিংহৰ দ্বাৰকেশ্বৰ প্ৰৱেশৰ অৰ্থে শেষবাৰৰ নিমিতে উন্মুক্ত হল; ভাবভাৰী শ্ৰীকৃষ্ণ গহীন গতিৰে দ্বাৰাৱতীৰ ভিতৰ সোল। তেওঁ পোনেই এবাৰ চৌপাশে প্ৰদক্ষিণ কৰি লৈ, ধীৰে ধীৰে ধীৰে অন্তঃপুৰত প্ৰৱেশ কৰিলেগৈ। তাৰ পাচত, বৃদ্ধা, যুৱতী আৰু কুমাৰী যাদৱীসকলক সমবেত কৰি লৈ, যদুনাথ শ্ৰীকৃষ্ণই দিব্য বুজনিৰে সৈতে সিবিলাকৰপৰা ইহজীৱনৰ শেষবিদায় ললে। অন্তঃপুৰৰপৰা বিদায় লৈ ওলাই শ্ৰীকৃষ্ণ দ্বাৰকেশ্বৰ দ্বাৰকাৰ ৰাজচৰাত উপস্থিত হলহি। চৰাত সন্তপ্ত চিভেৰে অপেক্ষা কৰি সমবেত হোৱা বৃদ্ধ যাদৰ মণ্ডলীৰ ওচৰত দিব্য সমালোচনাৰে সৈতে আত্মজীৱনলীলাৰ আৰম্ভণ, প্ৰসাৰণ আৰু সামৰণ বিষয়ক ঐহিক আৰু পাৰত্ৰিক তত্ব ব্যাখ্যা কৰি, যদুমণি আকৃষ্ণই প্ৰফুৰ অন্তৰেৰে