পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৩০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

buos 'সমুদাৰ যাদবৃন্দ, বেণুবৃক্ষ (1) পৰম্পৰ সংঘৰ্ষণোখিত বহ্নিত ভয় হোৱাৰ দৰে, আত্মকলৰ ফলত নিধন ল (২)!-ইচ্ছাময় বানুদেৰয়ৰ গুহ্যতম অভিপ্ৰায় অনুসৰি যদুবংশ ধ্বংস হল। প্ৰভাস-তীৰ্থত যদুবংশৰ অনাচাৰী আৰু অধৰমী ডেকা, চেমনীয়া আৰু আদৰীয়া দল হে ধ্বংস হল; দ্বাৰকাত ধৰ্মপ্ৰাণ বৃদ্ধ যাদবৰ্গ আৰু শিশু লৰা-ছোৱালী সমন্বিতে সদাচাৰিণী নাৰীগণ নিৰ্বিঘ্নে ৰৈ গল। গতিকে, সিবিলাকক কত কি ব্যৱস্থাৰে নিৰাপদকৈ থিতাপি কৰি থৈ যোৱা হব, সেই বিষয়ে ৰামকৃষ্ণ বাসুদেৱয়ে নিজঞ্জলীয়াকৈ চিন্তালোচনা কৰিবলৈ ধৰিলে। ইতি ছেগতে, যদুবংশৰ একেটি মাথোন মুমলীয়া বংশধৰ বজ্ৰ কোৱৰক পৃথিবীত আদৰ্শ মানৱকৈ থৈ যোৰাৰ অভিপ্ৰায়ে সৰ্বশাস্ত্ৰবিশাৰ ধৰ্মাত্মা শ্ৰীকৃষ্ণদেৱে চমুকৈ সাংসাৰিক, সামাজিক, ৰাজনৈতিক আৰু আধ্যাত্মিক বিষয়ক তান দান কৰিলে। (১) ত্ৰাথ গুপ্ৰাৰ সুহৃদ্বিগুং বলংখা বেণুজসিংশয়ং। সংলগ্ধয়া মানুশোন সৰতীং এত্যাগিয়ায় তুফীং”। -ভাগ, তৃতীয় ঋত, ১ম অধ্যা, ২০ লোক। “তেংমৈয়েলোৰে বিশীকৃচোং। নিয়েচতি ৰবাৰাণীয়ে নামিব মৰন।” -মগত, , খ্যা, গো।