পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃষ্ণৰ ধৰ্মৰাজ্য স্থাপন। বিশদকৈ কাৰগীতা ব্যাখ্যা কৰিবলৈ ধৰিলে। এই গীতা-কথন ইতিপূৰ্বতে ঘাই গীতাৰ গৰ্ভত ঠাই পাইছে। এই প্ৰসঙ্গত তাৰ লাগতিয়াল ভাগৰ সাৰাংশ মাথোন সৰ্বশাস্ত্ৰবিশাৰ অৰিতীয় গাঢ় পণ্ডিত শ্ৰীকৃষ্ণই এই দৰে ব্যাখ্যা কৰিবলৈ ধৰিলে—“হে ধৰ্মৰাজ। মই আপোনাক কামগীতাৰ সামৰ্মৰ বিষয়ে চমুকৈ কওঁ, আপুনি মনপাৰি শুনিব। আশা কৰো, এই গীতাত উপলব্ধি কৰাৰ পাচত আৰু আপোনাৰ মনত বৈৰাগ্য ভাব নাথাকে। যি ব্যাধিৰ বিকাৰত আপোনাৰ মনত এই বৈৰাগ্য ভাব প্ৰৱল হৈ উঠিছে, তাৰৰ তত্ব কও হে মহাৰাজ। সাধাৰণতে ব্যাধি দুবিধ,শাৰীৰিক আৰু মানসিক। যি ব্যাধিয়ে শৰীৰত বিকাৰ জন্মায় সি শাৰীৰিক আৰু যি মনত বিকাৰ জন্মায় সি মানসিক ব্যাধি। এই ব্যাধিৰ বিকাৰ মানুহে নিজত নিজে অহঙ্কাৰৰূপ শত্ৰুক পোহ-পাল দি বঢ়াই লয়। অহঙ্কাৰ নহলে, আত্মাভিমান শক্ত হলে, নাইবা অহংভাব ৰহিত হলে, কোনোবিধ ব্যাধিৰেই অনুভৱৰ ভয় নাথাকে। তাৰ অন্তত, আপুনি যতে যাওক,ৰাজ্যভোগীয়েই হওক বা বনচাৰীয়েই হওক আপোনা আক্ষেপ-অনুতাপ, শোক-সন্তাপ, দুখ-কষ্ট আদিয়ে লগ নেৰে; ফলত আপোনাৰ দুখতেই দিন যাব। কাৰ, যি বংশ-কুটু, বন্ধু-বান্ধৱ আদিৰ বিয়োগত আপুনি আজি আন্তৰিক তাপিত হৈ ৰনলৈ যাবলৈ ওলাইছে, সেই বিয়োগৰ সোৱৰণীৰে আপোনাক বনতো না নেৰে। তাত বৰ ৰাজচিন্তাশূন্ত পাই আপোনাৰ অন্তৰত তাৰ দখল বহুল হে হব। এতেকে, হে ধৰ্মৰাজ। আপনি এতিয়া শাখাল পৰব্ৰহ্মক অৰণ কৰি সেই বিবিধ ব্যাধিৰপৰা মুক্ত কিৰলৈ পৰি । সেই অৰ্থে আপুনি ভী জো, কব নে ৰীৰতকৈও বলব। ৰীৰৰে সৈতে যুদ্ধ কৰিব লগীয়া হৈছে-সেই বৰ বীৰ এক হৈ