পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২ শ্ৰীকৃষ্ণ। ভীপ্ৰয়াণে যুধিষ্ঠিৰৰ প্ৰাণত পুনৰপি বৈৰাগৰ নিজৰ বোৱাবলৈ ধৰিলে। তেওঁ আকৌ বিয়াকুল হৈ বনলৈ যাবলৈ ওলাল। ঋষি মুনি পণ্ডিত-জ্ঞানী লোকসকলে অশেষ বুজনি দিলে, কিন্তু একোৱেই গুণ দিব নোৱাৰিলে। যুধিষ্ঠিৰ এইবাৰ স্থিৰপ্ৰতিজ্ঞ, ৰাজত্যাগী হবই। আকৌ এটা মহাসমস্যা উপস্থিত। এনে আসন্ন আপদত শ্ৰীকৃষ্ণয়ে বিপন্ন বোধ কৰিলে। শেহান্তত, শ্ৰীকৃষ্ণই বাহিক জ্ঞান-বুজনিৰ যুঁজ এৰি, আপোনাৰ আধ্যাত্মিক ব্যাখ্যা-যুদ্ধত ধৰিলে। যি জ্ঞানতত্ব-অস্ত্ৰেৰে অৰ্জুনৰ বৈৰাগ্য বিনষ্ট কৰি তেওঁক পুনঃ যুদ্ধত প্ৰবৃত্ত কৰোৱা হৈছিল, যুধিষ্ঠিৰৰ প্ৰতিও বাসুদেৱে সেই শৰ-যোজনা কৰিলে; ভগৱান শ্ৰীকৃষ্ণই কামগীতাৰ ব্যাখ্যা আৰম্ভ কৰিলে। এই গীতাব্যাখ্যাত কাম-ধৰ্মৰ আৰু নিষ্কাম-ধৰ্ম্মৰ ৰহুল ব্যাখ্যা দি যুধিষ্ঠিৰক পৰাজিত কৰিবলৈ এক অজয় শক্ৰ সম্মুখীন কৰা গলতেওঁৰ নাম অহঙ্কাৰ। বুদ্ধিনাৰায়ণ শ্ৰীকৃষ্ণদেৱে গহীনগম্ভীৰ ভাৱে যুধিষ্ঠিৰক এই বুলি সম্বোধন কৰিলে, “হে ধৰ্মৰাজ। আপুনি কলৈ পলাৰ খুজিছে। আপোনাৰ ৰে এতিয়াও শত্ৰুৰ অন্ত পৰা নাই, এতিয়াও আপোনাৰ মহাশত্ৰু বৰ্তমান। আপনি ইমানলৈকে বাহিৰৰ শত্ৰুক জিনিতে কিন্তু ভিতৰৰ শত্ৰু এতিয়াও অজেয় হৈ ৰৈছে। সেই শত্ৰু পতন নহলে আপোনাৰ নিস্তাৰ নাই-আপুনিৰাজতে থাওক বা বনলৈকে যাওক, সেই মহাশৰ পীড়ণৰপৰা আপোনাৰ অব্যাহতি নাই। সেই শব্দ হৈছে অহঙ্কাৰ। সি আপোনাৰ দেহাৰ ভিতৰত দুৰ্জয় শপে একাধিপত কৰি আছে, আপনি বাহিক দৃষ্টিৰে সেই মহা অনৰ্থৰ মূলম্বৰূপ শক্ত দেখা পোৱা নাই। মই তাৰ তত্ব ব্যাখ্যা কৰে, আপনি বিচিতেৰে গুনি গৈ থাকি। ওনোতে ওনোতে আপোনাৰ বিষবৃষ্টি না আৰু আপনি সেই মহাজক দেখা পাৰ। এই যুক্তি প্ৰকা