পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণ। এতে বিচক্ষণীয় বোন্ধা দই সেনাপতি কবীৰে কৌৰৱ সেনাৰ দুৰ্জ্জয় সাহায্য সংগ্ৰহ কৰি লৈ বিষম বিক্ৰমেৰে ৰণৰ মাজত সোমালেহি। ঠিক সেইক্ষতে সিফালৰপৰা চতুৰ্থ পাণ্ডৰ নকুলে দুঃশাসনক ৰণত পৰাভূত কৰি, মহোল্লাহেৰে ৰণকেন্দ্ৰৰ মুখে ঘুৰোঁতে, মাজবাটতে কৰ্ণৰে সৈতে তেওঁৰ ভেটাভেটি হল। সোধপোছ, নাই, দুইৰ মাজত ঘোৰতৰ ৰ লাগিল। ভালেমান পৰলৈকে দুইকো দুয়ে বিশ্ব ক্ৰিমেৰে অস্থিৰ কৰিবলৈ ধৰিলে। কিন্তু, কহেন বীৰৰ আগত নকুল বীৰ কিন পৰলৈ ঠাৱৰিব-তেওঁ অগত্যা পৰাভুত হৈ পিঠি দেখুৱাবলৈ বাধ্য হল। কৌৰৰ দল পুনৰপি উলাহত উধাও হৈ উঠিল। সমস্যাত পাণ্ডৱ দলৰ মূলশক্তি ৰণপণ্ডিত শ্ৰীকৃষ্ণৰ বিজুলী দৃষ্টি পৰিল। তেওঁ ততালিকে পৰাভূত হওঁ-হওঁ হোৱা নাৰায়ণী সেনাক সিমানতে এৰি, চকুৰ পচাৰতে অৰ্জুনৰ ৰথ ঘুৰাই কৰ্ণমুখীয়া কৰি দি এনে কৌশলেৰে অৰ্জুনৰ দ্বাৰাই কৌৰৱ দলক আচম্বিতে আক্ৰমণ কৰালেগৈ যে, কৌৰৱ যোদ্ধা ঠাৱৰিব নোৱাৰি এজন-এজনকৈ ৰণত বিমুখ হবলৈ ধৰিলে। গতিকে কৌৰপক্ষ পুনঃ জয় পৰি আহিল। এনেতে, দিন অৱসান হৈ অহাত, নিৰপিত সময় অনুসৰি, সিমানতে সেইদিনৰ ৰণৰ সামৰণি পৰিল। দুয়োদলে যথাৰীতি নিজ নিজ শিৰিৰলৈ প্ৰত্যাগমন কৰিলে। সেই দিনৰ ৰণ এখন ভয়ঙ্কৰ মহাৰণ। এনেখন ৰণত ঐকৃষ্ণৰ কৌশলৰ ফলস্বৰূপ জয়লাভ হোৱাত, পাণ্ডৱ শিৰিৰত মুহুৰ্মুহু জয়ধ্বনি উঠিবলৈ ধৰিলে। অৰ্জুনৰ আগত কৰি দুৰ্জয় সেনাদল তিষ্ঠিব নোৱাৰি পৰাভুত হৈ শিৱিৰলৈ প্ৰত্যাগত হোৱাত, দুৰ্যোধন হতাশৰ খুন্দাত বহি পৰিল। তেওঁ কৰ্ণৰ অসাৰ গণ্ডপলৈ লক্ষ কৰি আক্ষেপ কৰিবলৈ ধৰিলে। কৰ প্ৰতি তেওঁ মুখে-মুখে অৱজ্ঞাসূচক বাক্য প্ৰয়োগ কৰিবলৈকে