পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭২ কৃষ্ণ। সহি থকা ভকত নহয়, তেওঁ উলটি অৰ্জুনৰ ওপৰত ক্ৰোধ কৰি গৰ্জি উঠিল। ধৃষ্টদ্যুম্বয়ে অৰ্জুনৰে সৈতে তৰ্ক-যুদ্ধ আৰম্ভ কৰিলে। সেই প্ৰসদতে যাদৱ বীৰ সাত্যকিয়েও অৰ্জুনৰ ফলীয়া হৈ ধৃষ্টদ্যুম্বক বিস্তৰ নিন্দা কৰিবলৈ ধৰিলে। শেহান্তত বাকযুদ্ধৰ ঠাইত অস্ত্ৰযুদ্ধ উপস্থিত হোৱাৰ আগন্তুক দেখা গল। এনেতে, আপদৰ বন্ধু শ্ৰীকৃষ্ণদেৱে সেই সমস্যাৰ মাজত ইচ্ছা কৰি সোমালেহি। প্ৰত্যুৎপন্নমতি আদৰ্শ পুৰুষ 'ভগৱন্ত বাসুদেৱে সঙ্কেতৰ ৰলেৰে অৰ্জন আৰু সাত্যকিক ক্ষান্ত ৰাখি, সিপক্ষীয় ভীমসেন আৰু ধৃষ্টদ্যুমক চতুৰ্থ পাণ্ডৱ সহদেৱৰ জৰীয়তে ৰাই- বুজাই শান্ত কৰিলে। নাইবা, গৃহকদলৰ ফলত সৰ্ব্বনাশ ঘটিবৰ উপক্ৰম হৈছিল। শ্ৰীকৃষ্ণ আকৌ এটা মহা সমস্যাত পৰিল। তেওঁৰ বুজনিৰপৰাই অৰ্জুনে বুজি উঠিল যে, মাননীয় লোকৰ পক্ষে অপমান মৃত্যুতুল। অৰ্জুনে মাননীয় অগ্ৰজ যুধিষ্ঠিৰক বিন্তৰ কুবচনেৰে অপমান কৰিছি, আৰু তৰাই তেওঁ এক মহাপাপ আচৰিছিল। গতিকে সেই পাপ অপনয়নৰ অৰ্থে তেওঁ আত্মবিসৰ্জনলৈ উদ্যত হল। সেই অৰ্থে অৰ্জুনে খোলা তৰোৰাল নিজৰ বক্ষলৈ লক্ষ্য কৰি হাতত ললে। এনেতে, বুদ্ধিস্বৰ্গনাৰায়ণ ভগৱন্ত শ্ৰীকৃষ্ণদেৰে অৰ্জুনৰ হাতত ধৰি এইভাৱে আওপকীয়া বুনি দিলে যে, অনুতাপত অনেক পাপ-তাপ কটাকটি যায়; এতেকে অৰ্জুনৰ পক্ষে সেই পাপ খাবলৈ উপায় ওলাই আছে। সেই অনুসৰি, অৰ্জ্জুনে বিস্তৰ অনুতাপ কৰাত, সকলে তাপ খণ্ডন হল; বিষ্ণুৰূপ ভগৱন্ত শ্ৰীকৃষ্ণৰ গুহ্যতম উদ্দেশ্য সিদ্ধিৰ দুৱাৰ জপ নোযোৰাকৈয়ে বল।