পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭০৩ ভক্তিযোগ। নিমিত্তে সম হোৱ। লোকদৃষ্টিত মাখো বধকাৰী হবা, কিন্তু দেখিছা, সিবিলাক ইতিপূৰ্বেই মৃত্যুমুখত পৰি ৰৈছে। গতিকে, সিবিলাকক বধ কৰাৰ বাবে যদি তোমাৰ পাপ হব বুলি ভাবি, সেই পাপেও তোমাক নাপায়। এতেকে, হে সব্যসাচিন। (১) উঠ, যুদ্ধত প্ৰবৃত্ত হৈ অচিতে যশোৰাশি লাভ কৰা। ভীম, দ্ৰোণ, কৰ্ণ, জয়দ্ৰথ আদি অজেয় বীৰগণক মই বধিয়েই থৈছে, তুমি বাহিক দৃষ্টিত বধিবা মাথোন। অন্যান্ত শক্তগণক তুমি অনায়াসে বধ কৰিব পাৰিব। এতেকে, চিন্তা নাই, তুমি যুদ্ধত জয়ী হব, উঠা।” (২) স্বয়ং কেশৱৰ মুখে আশ্বাস বাণী শুনি ভাববিল কিৰীটীয়ে (৩) ২-কম্পনেৰে গদগদ ভাৱে কৃতাঞ্জলি হৈ শ্ৰীকৃষ্ণ প্ৰভুক প্ৰণাম কৰি এই বুলি কবলৈ ধৰিলে, “হে হৃষীকেশ! হে পৰমাত্মা! হে অনন্ত! হে দেৱেশ! হে জগন্নিবাস! তুমি সৃষ্টিকৰ্তা ব্ৰহ্মাৰৰ গুৰু; তুমিয়েই ব্যক্ত, তুমিয়েই অব্যক্ত, তুমিয়েই অক্ষৰ ব্ৰহ্ম। গতিকে, সকলে দেৱতাই তোমাক নমস্কাৰ কৰে। হে অনন্তৰূপ! তুমিয়েই আদিদেৱ, তুমিয়েই পুৰাণপুৰুষ, তুমিয়েই বিশ্বৰ নিধা, তুমিয়েই সৰ্বজ্ঞ, তুমিয়েই জ্ঞেয়; তুমি পৰমধাম; জগতত ওতপ্ৰোতভাৱে তোমাৰে সত্তা বিদ্যমান।” (৪) তেওঁক এৰি, আৰু যুধিষ্ঠিত বাজে আন কাৰে নিষ্কৃতি নাই। কুৰুক্ষে। ৰণৰূপ প্ৰলয়ত অধাৰ্মিক লোকসমুহ নিশ্চয় ধ্বংস হব। ইয়াৰ নিৰ্শন অৰ্জুনে ধ্যানত নিলেই দেখা পাইছে। (১) অৰ্জুনে ওহাতে শৰসন্ধান কৰিব পাৰে হেতুকে, তেওঁৰু “সব্যসাচিন বোলে। (৪) গীতা, একাদশ অধ্যা, ৩২-৩০ গোক। (৩) ইও কিৰীৰিী অৰ্থত অৰ্জুনক কিৰী” বোলা হয়। (0) গীতা, একাদশ আধ্যা, ৩-৩৮ কে।