পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

WU8 শ্ৰীকৃষ্ণ। মুনি যেতিয়া সৰ্ব্বসংকল্পত্যাগী (১) শব্দাদি বিষয়ত অনাসক্ত হয় (২) তেতিয়াই তেওঁ সমাধিস্থ বা যোগাৰাচুৰ অৰ্থে যোগ্য হয়।” (৩) “বিবেকবুদ্ধিৰ দ্বাৰাই জীৱাত্মক সংসাৰৰপৰা উদ্ধাৰ কৰিব লাগে, আত্মাক অৱসন্ন কৰিব নালাগে। কিয়নো আত্মাই আত্মাৰ বন্ধু, আত্মাই আত্মাৰ শত্ৰু (৪)। অৰ্থাৎ, আপোনাতপৰ আপোনাৰ বন্ধু আন কোনটা হব নোৱাৰে; আপোনাৰ হিত আপুনি নিচিন্তিল অন্তৰ চিন্তাই সিমান গুণ দিব নোৱাৰে। আপুনি আপোনাক সাৱধানে নচলালে, আপুনি আপোনা শত্ৰুতা কৰা হয়। এতেকে, যি আত্মাই আত্মাক (৫) বশীভূত কৰিছে, সেই আত্মাই আত্মাৰ পৰমবন্ধু; আৰু যি আত্মা আত্মাক বশীভুত কৰিবলৈ অসমৰ্থ, সেই আত্মা আত্মাৰ বিষম শত্ৰু। কিয়নো, অদম্য জীবাত্মাই ইন্দ্ৰিয়াদিৰ প্ৰভাৱত আত্মক বিচলিত কৰি পৰমাঝালাভৰ পথৰপৰা পিছলাই নি শত্ৰুতাৰ আচৰণ (১) সংকলৰপৰাই কামনাৰ উৎপত্তি। এতেকে, সংকল্প ত্যাগ কৰিলেই কামনাৰ বীজ নাশ হয়। (২) নিত্য, নৈমিত্তিক, কাম্য, নিষিদ্ধ কোনো বিধৰ তে চিত্তবৃত্তি প্ৰবৃত্ত নোহোৱাকে অনাসক্ত বোলা যায়। (৩) গীতা, অধ্যা ২-০ শ্লোক। (৫) “উদ্ধৰোক্ষ্মনাত্মানং নাত্মানমবসাদমে। আয়ৈব হাত্মনো বন্ধুৰাক্সৈ ৰিপুৰাত্মনঃ। বন্ধুৰাত্ম সুনন্ত যেনাক্সৈবাজনা জিত। অনন্তু শত্ৰুত্বেবৰ্তেতাত্মৈব শক্ৰবৎ। -গীত, আধ্যা, ৫-৬ গো। “জিতাত্মনঃ প্ৰশান্ত পবমাজ সমাহিত। শীতোক সুখদুঃখে তথা মানায়।'—গা, মা, ৪ গো।