পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭। আধ্যা। যোগী আৰু সন্ন্যাসী। যোগী কোন সন্ন্যাসী কোন্ আৰু সিবিলাকৰ ভিতৰত কাৰ কি ধৰ্ম, কাৰ কি কৰ্ম্ম, কাৰ কি লক্ষ্য ইতাদি বিষয়ত অৰ্জ্জুন সন্দিহান হোৱাত, ভগৱান শ্ৰীকৃষ্ণই সেই সেই বিষয়ে এই বুলি বিশদ বুজনি দিবলৈ আৰম্ভ কৰিলে, “যি কৰ্ম্মফলৈ আশা নাৰাখি নিত্য-নৈমিত্তিক কাৰ্য্যৰ অনুষ্ঠান কৰে, নিষ্ক্ৰিয় আৰু নিৰগ্নি (১) নহলেও, তেওঁৱেই যোগী, তেওঁৱেই সন্ন্যাসী। নিষ্কাম কৰ্ম্মযোগৰ দ্বাৰাই আত্মজ্ঞান লাভ আৰু কৈবল্যমুক্তি বা মোক্ষপ্ৰাপ্তিয়েই দুইৰৰ একেটা লক্ষ্য (২)। হে পাণ্ডৰ! শ্ৰুতিত যাক সন্ন্যাস বোলে, সেয়ে যোগ (৩) বুলি জানিবা; কিয়নো সন্ন্যাসৰ বলেৰে সংকল্পত্যাগী নহলে বোগী হোৱা অসম্ভৰ। যি মুনিয়ে যোগাৰূঢ় হবলৈ ইচ্ছা কৰে, কৰ্মই তেওঁৰ প্ৰথম সোপান। কিয়নো, কৰ্ম্মানুষ্ঠান নহলে চিত্তশুদ্ধি নহয়; চিত্তশুদ্ধি নহলে যোগ উপযোগী নহয়। আৰু, যোগাৰূঢ় হলেও, তেওঁত কৰ্মসন্ন্যাস ঘটে, কিয়নো কামনাত্যাগী সন্ন্যাসবৃত্তি নজন্মিলে যোগাৰণ নহয়। সাধক (১) বহিৰনুষ্ঠান যোগ্য সমস্ত কাৰ্য্যৰ প্ৰতি বৈৰাগ্য। (২) “অনালিত লং কাৰ্যংক কৰোতি। স সংখ্যাসী চ যোগী চৰ নিৰণি চাক্ৰি।” গীতা, আধ্যা, ১ শ্লোক। (৩) মহৰি পতঞ্জলিৰ বোগসূত্ৰৰ কাৰণত কোৱা গৈছে- “যোগশ্চিত্তবৃত্তিনিৰোখ। অৰ্থাৎ, মনৰ সমত বৃত্তি নিৰোৰ নাৰ যেন।