৩০
|
নিৰ্মাণ তোমাৰ। নুফুটিল সেই
মূৰ্তি সৌন্দৰ্যতো চৰা তোমাৰ।
তুলিত, বিচাৰি ফুৰিছে যাক
সৌন্দৰ্য-প্ৰেয়সী এই
বিয়াকুল হিয়া।
শত সৃষ্ট সুন্দৰৰ,
শত শত মদনৰ
আনি ৰূপ, পাৰিবানে
হে বিশ্ববিধাতা, নিৰ্মানিব,
মূৰ্তিখনি বিচাৰিছে যাক
আজি চিত্ৰৰ হিয়াই?
নোৱাৰিবা, নোৱাৰিবা
নিচুকাব মোক, তোমাৰেই
কল্পনাৰ অতীতৰে গঢ়া,
অনন্ত অতৃপ্ত বাসনাৰে ভৰা
চিৰ বিয়াকুল এই মানৱীৰ হিয়া।
|
(চিত্ৰ কিছু বেলি বিমনা হৈ থাকে। তাৰ পিছত গায়)
|
কোন সুন্দৰ তুমি, কল্পনা-পাৰত মোৰ
বজোৱা অমিয়া বীণ?
চিৰ অতৃপ্তিৰ বাসনা হিয়াৰ
যাবনে তোমাৰ সুৰতে লীন?
বাজিছে তোমাৰ সেই বীণখনি
কিনো নজনা সুৰে
কত লক্ষ কোটি ৰাগিণীৰ স্পন্দন আহি
চৌপাশে মোৰ উৰে।
|