পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
শিক্ষা-দানৰ প্ৰণালী

 মনৰ এই স্মৃতি শক্তিৰ দৰে আমাৰ আন আন অঙ্গ- প্ৰত্যঙ্গৰো এক প্ৰকাৰ স্মৃতি শক্তি আছে। মই লিখিব ধৰাত আখৰৰ ভাজলৈ মই মুঠে মন কৰিব লগীয়া হোৱা নাই; মোৰ আঙুলিৰ পেশীবোৰ এই কামত ইমান অভ্যস্ত হৈ গৈছে যে চকু মুদি লিখাও মোৰ পক্ষে একো টান কাম নহয়। চাইকোলত উঠা লোকৰ চাইকেল চালনা, বাজনাদাৰৰ বাজনৰ ওপৰত আঙলি-চালনা,— ইত্যাদি অনেক প্ৰকাৰৰ কাম আমাৰ মাংসপেশীবোৰে আয়ত্ত কৰি থয়। এইবিলাকৰ মূল অভ্যাস। মুখস্থ বিদ্যাও এই প্ৰকাৰৰ অভ্যাসৰ ফল। লাগতিয়াল কাৰ্য্য আৰু কথা এইদৰে অভ্যাস কৰাত আৰু লাভত বাদে লোকচান নাই। অনেকে আজি কালি মুখস্থ কৰা প্ৰথাটোকে অভ্যাস বুলি ভাৱে। কিন্তু কিছুমান লাগতিয়াল কথা— যেনে আৰ্য্যা শ্লোক, নেওতা,— ইত্যাদি মুখস্থ কৰা বৰ ভাল নিয়ম। মুঠে, মুখস্থই একমাত্ৰ শিক্ষা হব নালাগে; আৰু বুজা-টো মুখস্থৰ ওপৰ বুলি জানিব লাগে।

 কোনোটো শব্দৰ বানান ভাল দৰে মনত নপৰে, কিবা এট। আখৰত সন্দেহ। বিশেষ নাভাবি খৰকৈ শব্দটো লিখি পেলোৱা; প্ৰায়েই দেখা যায় সেই দৰে লিখা শব্দটো শুদ্ধ হৈছে। ইয়াৰ কাৰণ পেশীবোৰৰ স্মৃতি-শক্তি।

  সেইদৰে চকু-কাণ আদি ইন্দ্ৰিয়ৰো এক প্ৰকাৰ সুকীয়া স্মৃতি আছে। এটা শব্দ ভুলকৈ লিখিলোঁ; তোমাৰ চকুএ