সেইখন পাব পাৰি, সেই দৰে জ্ঞান স্থায়ী হবলৈ তাক শ্ৰেণী-গত কৰি লোৱা আৱশ্যক। মনৰ স্বাভাবিক ধৰ্মৰ বলত জ্ঞান শ্ৰেণী-গত হবই; শিক্ষাৰ কাম তাক উপযুক্ত শ্ৰেণীত পেলোৱা।
তুলনাৰ লগৰীয়া সংযোগ। নতুন জ্ঞান পুৰণা যি অভিজ্ঞতা-শ্ৰেণীৰ লগত মিলিল, তাৰ লগত লগ লাগি গল; এয়ে সংযোগ। সংযোগ হোৱাৰ দুটা পদ্ধতি। প্ৰথম, সদৃশৰ লগত সদৃশৰ সংযোগ হয়। যেনে হিমালয় আৰু আল্পচ্, দুয়ো ওখ পৰ্বত; হ্ৰদ পুখুৰীৰ দৰে; ইত্যাদি। আকৌ সদৃশ-বিসদৃশেও সংযোগ হয়। যেনে ‘ৰঙা’ আৰু ‘কলা’। ইয়াত দুয়ো বিসদৃশ হলেও দুয়োৰো এটা মিলন স্থল আছে, ‘ৰং’; গতিকে ৰং বিষয়ত দুয়ো সদৃশ। দ্বিতীয়, একেলগে থাকা বা হোৱা কথাৰো সংযোগ ঘটে। যেনে, কাগজ আৰু কলম; দুয়ো একেলগে থাকে, সেই দেখি ইটোই সিটোই সংযুক্ত হয়। ১৯১৪ চনৰ আগষ্ট মাহৰ ৪ তাৰিখ আৰু মহাৰণ—একেলগে হোৱা কথা দেখি পৰস্পৰ সংযুক্ত হৈ আছে।
শিক্ষা-দান-প্ৰণালী সম্বন্ধে এই আলোচনাৰ পৰা এই উপদেশ পোৱা যায়। যি কথা শিকাব খোজা আৰু স্থায়ী কৰিবলৈ পুৰণা অভিজ্ঞতাৰ কোনো অংশৰ লগত তুলনা কৰিবা, আৰু নানা প্ৰকাৰে তাৰ লগত সংযোগ কৰি দিবা,