কিনিছা; জিকা টিকটবোৰৰ নম্বৰ খবৰৰ ফাগজত ওলাব
লগীয়া আছে; নিৰ্দিষ্ট তাৰিখৰ কাগজখান কেতিয়া আহি
পায়, এই কথাত তোমাৰ কিমান ঔৎসুক্য! আৰু নম্বৰ-
কেইটা তুমি কিমান মনোযোগ দি পুংখানুপুংখৰূপে চোৱা।
তুমি নিজে পৰীক্ষাৰ্থী বা তোমাৰ কোনোবা আত্মীয়ই পৰীক্ষা
দিছে। তেতিয়া বঙালি খবৰৰ কাকতৰ খুদখুদীয়া পঢ়িব
নোৱাৰা আখৰবোৰলৈ তোমাৰ কিমান মনোযোগ! তেওঁ
লটাৰিৰ টিকট কিনা নাই, বা পৰীক্ষাৰ ফলাফলত তেওঁৰ
স্বাৰ্থ নাই; তেওঁৰ পক্ষে লটাৰিৰ নম্বৰ আৰু পাছ হোৱা
ছাত্ৰৰ নাম বিৰক্তিকৰ লেপথেপীয়া আখৰ মাত্ৰ। অপ্ৰীতিকৰ
বিষয়ক নিজৰ স্বাৰ্থৰ লগত সংশ্লিষ্ট কৰি লব পাৰিলে তাৰ
প্ৰতি স্বভাৱতে মনোযোগ বহিব।
কিন্তু ইচ্ছা-সাপেক্ষ মনোযোগ শক্তি সংসাৰ-যাত্ৰীৰ পক্ষে সাৰ্বতিকাল অত্যন্ত লাগতিয়াল। ই আমাৰ চৰিত্ৰ দৃঢ় অধ্যৱসায়ী আৰু একাগ্ৰতাপৰ কৰে। এইবিলাক গুণ সংসাৰত উদগতিৰ কাৰণে একান্ত আৱশ্যকীয়। স্বাভাৱিক মনোযোগৰ ক্ৰিয়া নদীৰ গতিৰ দৰে অবিৰাম, লানি নিছিগা; ইয়াৰ কতো জোৰৰ আৱশ্যক নকৰে। ইচ্ছা-সাপেক্ষ মনোযোগ ইঞ্জিনৰ থক-থকনিৰ দৰে; এটা হেঁচাই কিছু দূৰ কাৰ্য্য কৰে, তাৰ পাছত আৰু এটা হেঁচাৰ আৱশ্যক হয়। যি লোকে যিমান বেছি পৰিমাণে ইচ্ছা কৰি মনোযোগ শক্তিৰ প্ৰয়োগ