পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
শিক্ষা-বিচাৰ

ওপৰত কাম কৰে, তেতিয়া সেই ইন্দ্ৰিয়-গ্ৰাহ্য বিষয় বা সেই বিষয় হে গৃহিত হব পাৰে।

 সেই দেখি কোনো বিষয় শিকাবলৈ হলে তাৰ প্ৰতি মনোযোগ আকৃষ্ট হোৱাৰ দিহা কৰিব লাগে।

 চিত্তাকৰ্ষণী-শক্তি-বিশিষ্ট প্ৰীতিকৰ বিষয়ৰ প্ৰতি মন দি থাকিলেই আমাৰ সংসাৰ নচলে। পৰীক্ষাৰ পুথি যিমানেই অপ্ৰীতিকৰ নহক, তাক পঢ়িব লাগে; জীৱিকা-অৰ্জনৰ কাৰণ কাৰ্য যিমানেই কষ্ট-সাধ্য নহক, তাক কৰিব লাগে। সংসাৰত অপ্ৰীতিকৰ বিষয় অনেক কষ্ট-সাধ্য কাৰ্য অনেক, যাক আয়ত্ত কৰিব পাৰাৰ ওপৰত আমাৰ সংসাৰিক উন্নতি নিৰ্ভৰ কৰিছে। এনে বিধ অপ্ৰীতিকৰ কাৰ্য্য বা বিষয়ৰ প্ৰতি আমি ইচ্ছা কৰি মনোযোগ দিব পাৰোঁ, আমি জোৰ কৰি আনি আমাৰ মনক এনেকুৱা বিষয়ত লগাই দিব পাৰোঁ।

 পণ্ডিত সকলে মনোযোগৰ এই দুই প্ৰকৃতিৰ পৰা ইয়াক দুটা ভাগত ভাগ কৰিছে। স্বভাৱতে বহা মনোযোগৰ নাম, স্বাভাৱিক মনোযোগ; আৰু ইচ্ছা কৰি দিয়া বিধৰ নাম, ইচ্ছা-সাপেক্ষ মনোযোগ। ইচ্ছা-সাপেক্ষে মনোযোগক স্বাভাৱিক মনোযোগলৈ পৰিৱৰ্তন কৰিব পাৰিলে শিক্ষা কাম সুগম হৈ উঠে। শিক্ষা-দান-প্ৰণালীৰ এই এটা প্ৰধান লক্ষ্য।

 অপ্ৰীতিকৰ বিষয়ৰ প্ৰতি মনোযোগ আনাৰ এটা মাত্ৰ উপায় আছে—প্ৰীতিকৰ কৰা। তুমি লটাৰি-টিকট