পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
শিক্ষা-বিচাৰ

দিছিল, সেই জোপা কিয় মৰিল, মোৰ অতি আপ্ত বন্ধু এগৰাকীএ এই ফুল কবলৈ মোক কি উপদেশ দিছিল, তেও আজি কি ভাগ বিপৰ্য্যয়ত ৰজাঘৰত নিগৃহিত— ইত্যাদি অনেক গোপন-কথাৰ সপোন মনত উদয় হৈ মোক কি বাস্তৱ অৱাস্তৱৰ ৰাজ্যলৈ লৈ যায়! হাচানা মোৰ নিজা অভিজ্ঞতাৰ এক অংশৰ লগত এই দৰে একান্ত ভাবে জড়িত। হাচানাৰ গন্ধৰ অৰ্থ মোৰ সম্বন্ধে যিটি, সেইটি আন এজনৰ, সম্বন্ধত নহয়।

  কাপোৰখনৰ কথাও এই দৰৰ। সেই কাপোৰখান কোনে আনিলে, মই কেনেকৈ পালোঁ— ইত্যাদি বিলাক কথাৰ সেই কাপোৰখানাৰ লগত ঘনিষ্ঠ সম্পৰ্ক।

  কোনো কোনো বস্তুৰ লগত আমাৰ অন্তৰৰ গভীৰ ভাৱবোৰ এইদৰে মেৰ-পাক খাই থাকে দেখি সেই বস্তু আমাৰ চকুত যিমান মূল্যৱানআনৰ চকুত তিমান হব নোৱাৰে। প্ৰিয়জনৰ হাতৰ আখৰ এটাই মনত কিমান ভাৱৰ উদয় কৰিব পাৰে। মৃত সন্তানৰ গাৰ চিৰা কানি এজখৰে অন্তৰত শোক কি ঢৌ তোলে! এইবিলাক সকলোএ অনুভৱ কৰা ক্থা।

  এতিয়া জ্ঞানাৰ্জনৰ সম্বন্ধে আমি আৰু দুটা কথা পালোঁ। তৃতীয়, ভিন ভিন ইন্দ্ৰিয়ৰপৰা হোৱা ধাৰণাবিলাক একেযোগ হৈ কোনো এটা বস্তু সম্বন্ধে আমাৰ জ্ঞান হয়।