পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
শিক্ষা-বিচাৰ

কৰিয়ে লগাই দিওঁ। আমি আমাৰ চাৰিওফালে নানাবিধ গাছ পক্ষী লতা ফুল— ইত্যাদি দেখি থাকোঁ কিন্তু কেইজনে সেইবোৰৰ যথাযথ বিবৰণ জানো? কাৰণ, এইবোৰ বস্তুৰ প্ৰতি আমি যথেষ্ট মনোযোগ দিয়া নাই। পৰ্য্যবেক্ষণশীল লোকে অনেক আবৰ্জনাৰ মাজতো লাগতিয়াল অতি ক্ষুদ্ৰ বস্তু বা চিনকো ধৰি লব পাৰে। সিবিলাকে সেই সেই বস্তু বা চিনৰ প্ৰতি বিশেষ মনোযোগ দিয়াই ইয়াৰ কাৰণ।

 

  ৭। আকৌ, কাপোৰখনৰ কথালৈ যাওঁহঁক। মই ইয়াত বহি থাকিয়েই জানিব পাৰিছোঁ যে ভিন্ন ভিন্ন ইন্দ্ৰিয়-গৃহিত
ধাৰণাৰ সংযোগ
কাপোৰখন দীঘল বহলে প্ৰায় সমান; তাৰ স্পৰ্শ কোমল; সি অনেক সূতাৰ সমষ্টি; আৰু মই যি চকিত বহি আছোঁ তাৰপৰা ১০। ১১ ফুট মান আঁতৰত আছে। ইয়াত মন কৰিব লাগে ইয়াকে, যে মোৰ চক্ষুৰিন্দ্ৰিয় সহায়ত মই কাপোৰ-খনৰ ৰং-টোহে দেখা পাইছোঁ; তাৰ স্পৰ্শ বা দূৰত্বৰ বিষয়ে এই ইন্দ্ৰিয়ৰপৰা মই একো জ্ঞান পাব নোৱাৰোঁ। তথাপিতো দেখা মাত্ৰকতে মই কেনেকৈ জানো যে তাৰ স্পৰ্শ কোমল?

  সেই দৰে গছত আম আছে; মই দূৰৰপৰা দেখা মাত্ৰকতে বুজিব পাৰিছোঁ যে সেই আম টেঙা, সি কেঁচাই আছে গতিকে টান, আৰু তাৰ বিশেষ প্ৰকাৰৰ এটা গন্ধ আছে। মই