পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
শিক্ষা-বিচাৰ

আমাৰ জ্ঞান হয়, সেই দেখি এইবিধ স্নায়ুসূত্ৰৰ নাম অন্তাশ্চাৰী বা জ্ঞানবাহী।

  সেই উত্তেজনা যেতিয়া মস্তিষ্ক পালে, মস্তিষ্কৰ পৰা আৰু নতুন এবিধ উত্তেজনাৰ আৰম্ভ হল। এই উত্তেজনা শক্তিবাহী সুত্ৰৰ সহায়ত আমাৰ কোনো মাংস-পেশী পায়হি; তাৰ ফলত আমি কোনো কাম কৰিব পাৰোঁ। এই উদাহৰণত, শক্তিবাহী সূত্ৰৰ সহায়ত যি উত্তেজনা মোৰ হাত আৰু ভৰি পালেহি তাৰ ফলত মই ফুল জোপাৰ গুৰিলৈ গৈ তাৰ যি টি ভাল বেয়া হৈ আছিল সেই ডালটো ভাল কৰি দিলোঁ। মস্তিষ্কৰ পৰা বাহিৰলৈ, অৰ্থাৎ মাংস-পেশী সমুহলৈ, শক্তি বহন কৰে দেখি এইবিধ সূত্ৰৰ নাম বহিশ্চাৰী বা শক্তিবাহী।

  দৰ্শন-ইন্দ্ৰিয় সম্বন্ধে যেনে, আন আন ইন্দ্ৰিয় সম্বন্ধেও তেনে। বাহিৰৰ বস্তুৰ উত্তেজনা আমাৰ কোনো জ্ঞানেন্দ্ৰিয় পায়হি; জ্ঞানবাহী আৰু স্নায়ু সূত্ৰই সেই উত্তেজনা স্নায়ুকেন্দ্ৰ পোৱায়গৈ। তাত আকৌ নতুন এক প্ৰকাৰ উত্তেজনাৰ উদ্ভৱ হয়। সেই উত্তেজনা শক্তি-বাহী সূত্ৰই দি মাংস-পেশীবোৰ পায়হি; তাৰ ফলত ক্ৰিয়া হয়।

স্নায়ুকেন্দ্ৰৰ তিনিটা ভাগৰ কথা কোৱা হৈছে। ইহঁতৰ প্ৰত্যেকৰ বেলেগ বেলেগ কাম। যিবিলাক কাম অচিন্তিত ভাৱে হয়— যেনে মই লিখি থকাত মহ এটাই ভন্‌ ভন্‌ কৰিছে, মই লিখিব নেৰিও মহটো খেদাই, দিব পাৰিছোঁ