পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
শিক্ষা-বিচাৰ

অপ্ৰীতিকৰ—ইত্যাদিবিলাক কথা উত্তম শিক্ষকৰ পক্ষে বুজাব নিতান্ত প্ৰয়োজন। নহলে পদে পদে শিক্ষা-কাৰ্য্যত ছাত্ৰৰ পৰা বাধা পোৱা সম্ভৱ। তেতিয়া শিক্ষা-কাৰ্য্য সংসাৰৰ যাৱতীয় কাৰ্য্যৰ ভিতৰতে উৎকৃষ্ট নহই, সকলোতকৈ অপকৃষ্ট হৈ হে পৰে।

 এইবিলাক কথা আলোচনা কৰি হে বিজ্ঞ লোকে কয়, “প্ৰকৃত শিক্ষক ক্ষণজন্মা পুৰুষ আৰু তেওঁৰ আসন পৃথিৰীৰ ধৰ্মগুৰু সকলৰ তলতে। ”

⸺৹⸺