পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
শিক্ষা-দানৰ অৰ্থ

ইত্যাদি প্ৰকাৰ গুনী হব লাগে, তেনেহলে তেওঁ সেইবোৰ গুণ ছাত্ৰৰ মাজত প্ৰকাশ হবৰ কাৰণে চেষ্টা কৰে। আৰু তেওঁ যদি ভাৱে মুখস্থ বিদ্যা আৰু পৰীক্ষা-পাছেই মানুহৰ জীৱনৰ লক্ষ্য, তেওঁৰ যত্নও সেইমুখীয়া হয়। আকৌ, জ্ঞাত বা অজ্ঞাতসাৰে ছাত্ৰই শিক্ষকক অনুকৰণ কৰে। সেই দেখি শিক্ষক যেনে প্ৰকৃতিৰ তেওঁৰ ছাত্ৰও সেই প্ৰকৃতিৰ হোৱা দেখা যায়। কৰ্মদক্ষ প্ৰফুল্লচিত শিক্ষকৰ চিন তেওঁৰ স্কুলৰ ঘৰ, চোতাল, ফুলনি, চাকৰ-নাকৰ, এই সকলোতে ফুটি ওলায়—ছাত্ৰৰ কথাই নাই।

 এই কাৰণে, শিক্ষকৰ প্ৰধান কৰ্তব্য, যিমান কথাত পাৰি তেওঁ ছাত্ৰৰ আগত জীৱন্ত আদৰ্শ স্থানীয় হব লাগে। সকলো মহৎ সৎ আৰু পবিত্ৰ কামত ছাত্ৰই শিক্ষককেই আদৰ্শ পাব লাগে। চৰিত্ৰৰ সকলো বিলাক লোভনীয় গুণত— নিৰলসতা, কৰ্মপটুতা, প্ৰফুল্লতা, দয়া, সহানুভূভি—শিক্ষক ছাত্ৰৰ আগত সেই গুণবোৰৰ কায়িক অৱতাৰ যেন হব লাগে। দ্বিতীয়তে, শিশু-চৰিত্ৰত শিক্ষকৰ গভীৰ অভিজ্ঞতা লাগে। এই অভিজ্ঞতাৰ কাৰণে মনোবিজ্ঞানৰ পুথি অধ্যয়নৰ তিমান আৱশ্যক নকৰে, যিমান আৱশ্যক ছাত্ৰ-জীৱনৰ লগত শিক্ষক সহানুভূতিৰ। ছাত্ৰই কোন প্ৰবৃত্তিৰ বশত কি কাম কৰিলে, কোন কথা ছাত্ৰৰ পক্ষে বুজা টান, কোনটো নিয়মত ছাত্ৰ‌ই আত্মসন্মানত হাত পৰা বুলি ভাৱে, কেনে ব্যৱহাৰ ছাত্ৰৰ প্ৰতি