পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
শিক্ষা-বিচাৰ

বিলাক, ইমান দামী যে আমাৰ দৰে দুখীয়া দেশত সেইবোৰৰ ব্যৱহাৰ কৰি শিক্ষা দিব পাৰি বুলি কল্পনা কৰিবও নোৰাৰি।

 শিক্ষক শিক্ষা-কাৰ্যৰ গুৰিয়াল। তেওঁ নিজে সমস্ত কথা বুজি লই ছাত্ৰক যি দৰে চলাবলৈ বিচাৰে ছাত্ৰ সেই দৰে চলিব। ছাত্ৰ শিক্ষা পথত ভ্ৰমণ কৰে, শিক্ষকে তেওঁক সুগম বাট লগাই দিয়ে। সেই দেখি শিক্ষকৰ কাৰ্য্য গুৰু। ঘোঁৰাক লাগাম লগাই যি ফালে খুচি লৈ যাব পাৰি। কিন্তু অশ্বমেধৰ ঘোঁৰা নিজ খুচি মতে হে ফুৰে; তাৰ ৰক্ষকে হলে যেনেকৈ পাৰে, ঘোঁৰাক নিজ খুচিমতে ফুৰিবলৈ দিও, তাক সম্বৎসৰৰ মূৰত যজ্ঞ-স্থাপন উপস্থিত কৰিব লাগিব। এনে ঘোঁৰাৰ চালক হোৱা অৰ্জুন আৰু লক্ষ্ণণৰ দৰে বীৰৰ হে কাম। শিক্ষকো অশ্বমেধ-যজ্ঞৰ ঘোঁৰা চালক; তেওঁৰ ছত্ৰই সেই ঘোঁৰা। শিক্ষকে ছাত্ৰৰ প্ৰকৃতি অনুসৰিহে তেওঁৰ বিকাশত সহায় কৰিব পাৰে বা শিক্ষা দিব পাৰে। কিন্তু কি শিক্ষা দিব, কিমান দিনত কিমান পৰিমান শিকাব আৰু সেই শিক্ষাৰ সহায়ত ছাত্ৰক কি দৰে গঢ়ি তুলিব—এই আটাইবিলাক কথাৰ স্থিৰ সিদ্ধান্ত কৰিব লাগিব তেওঁ হে।

 সেই দেখি কোৱা আছে—যেনে শিক্ষক, তেনে স্কুল। শিক্ষকে নিজৰ আদৰ্শৰ অনুৰূপে ছাত্ৰক গঢ়ি তোলে। শিক্ষকৰ যদি বিশ্বাস মানুহ কৰ্মী, দক্ষ, অধ্যৱসায়ী, নিৰলস,