মানুহৰ হাতত পৰি হে ঈশ্বৰৰ অনেক দানৰ পৰা অমৃত নিঃস্যন্দন নহই বিষ জৰি পৰে। মানব প্ৰকৃতি সম্বন্ধে ধাৰণাৰ এই আমূল পৰিবৰ্তনৰ ফল ফ্ৰোবেলৰ যত শিক্ষা- দান বিষয়তো অনতিবিলম্বে দেখা গল। আগৰ কঠোৰ শাস্তিৰ পৰিবৰ্তে ছলিৰ মন মুহিব পাৰা শিক্ষাৰ ব্যৱস্থা হল; আগৰ স্কুল আছিল ভীষণ কাৰাগাৰৰ সদৃশ, তাৰ পৰিবৰ্তে স্কুলক আনন্দ আৰু কৰ্মৰ ক্ষেত্ৰ কৰিবলৈ শিক্ষাবিদ- সকল যত্নপৰ হল।
ফ্ৰোবেলে আকৌ দেখুৱালে যে শিক্ষা মানে বাহিৰা কথা। মুখস্থ কৰা নহয়; শিক্ষা মানে নিজৰ শক্তিক বাহিৰৰ বস্তুৰ সহায়েৰে প্ৰকাশ কৰা। শিক্ষা-দান তিমান লাগতিয়াল নহয়, যিমান শিক্ষা-গ্ৰহণ অৱশ্যকীয়— শিক্ষকে যত্ন কৰি একো শিকাব নোৱাৰে, যদি লৰাই নিজৰ শক্তি কৰ্মত প্ৰয়োগ নকৰে।
ফ্ৰোবেলেৰ মতে জন্মত যাৰ যি প্ৰকৃতি, সি ভালো নহয়, বেয়াও নহয়, সি স্বাভাৱিক। এই প্ৰকৃতিৰ গূঢ় মৰ্ম বুজি তাৰ সহায়ত শিশুৰ উপযুক্ত বিকাশ কৰিবলৈ চেষ্টা কৰা হে উৎকৃষ্ট শিক্ষা-বিধানৰ লক্ষ্য। শিশু-প্ৰকৃতি পৰ্য্যবেক্ষণ কৰি চাই ফ্ৰোবেলে পালে যে— শিশু জ্ঞান-আহৰণৰ কাৰণে ব্যস্ত; শিশুএ ডাঙৰৰ সমস্ত ক্ৰিয়া-কলাপ অনুকৰণ কৰি বৰ তৃপ্তি লাভ কৰে, এয়ে ধেমালি; আৰু শিশুএ সদাই কামত লাগি থাকিবলৈ ভাল পায়। এই তিনটা সত্যকে ফ্ৰোবেলে