পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
শিক্ষ-দানৰ অৰ্থ

সাৰ লাগে, যাক যেনে আশ্ৰয় লাগে, তেনে সাৰ আৰু আশ্ৰয় দিয়ে; সেই দৰে বিচক্ষণ শিক্ষকেও ছলিক শিখাবলৈ গৈ হাতত বেত আৰু চকুত খং লৈ তাৰ প্ৰতি ফলন কৰিবলৈ বিচাৰিলেই নচলিব; বৰং ছলিৰ প্ৰকৃতি বুজি, তাৰ সামৰ্থ্যৰ পৰিমাণ লৈ সেই অনুযায়ী তাক শিক্ষা দিব লাগিব।

  শিশু প্ৰকৃতি, তথা মানব প্ৰকৃতি, সম্বন্ধে এই ধাৰণাৰ প্ৰথম জন্মদাতা (অন্ততঃ শিক্ষাদান বিষয়) যিবিলাক পণ্ডিত লোক আছিল, সিবিলাকৰ ভিতৰত ফ্ৰোবেলেই অগ্ৰগণ্য। ফ্ৰোবেল সাধাৰণতে জাৰ্মান বুলি গণ্য। কিন্তু চুইজাৰলণ্ডৰ লগত তেওঁৰ জন্মৰ সংশ্ৰৱ আছিল। তেওঁ নিজে শিক্ষকতা কৰি এই সত্যত উপনীত হৈছিল যে শিশু-প্ৰকৃতি দমন কৰি শিক্ষা দিবলৈ যি চেষ্টা কৰা যায় সি ফলৱতী হব নোৱাৰে; শিশু-প্ৰকৃতি অনুসৰি শিক্ষা দিলেহে সেই শিক্ষাৰ পৰা প্ৰকৃত উপকাৰ পোৱা যায়। পূৰ্বে পণ্ডিত লোকে ভাবিছিল যে মানব প্ৰকৃতি, বিশেষ শিশু প্ৰকৃতি, স্বভাৱতে দুষ্ট। এই দুষ্ট প্ৰকৃতি দমন কৰাই শিক্ষাৰ প্ৰধান কাম। এই বিশ্বাসৰ পৰাই নানা প্ৰকাৰ অমানুষিক শাস্তি-বিধান শিক্ষাৰ অঙ্গ হৈ পৰিছিল। ৰুঁচো, ফ্ৰোবেল, পেষ্টালৎচি আদি পণ্ডিতসকলে প্ৰথম ঘোষণা কৰিলে যে ঈশ্বৰে কাকো বেয়া বা দুষ্ট প্ৰকৃতি দি সৃষ্টি কৰা নাই।