পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
শিক্ষা-বিচাৰ

কান্দি-কাটি, কিবা এটা নে এটা কৰি সি থাকিবই। ছলিৰ এনেবোৰ কাৰ্য্যক আহ তাৰ দুষ্টালি বুলি ভাৰি তাক দাবি- ধমক দিওঁ; আৰু আমাৰ দৰে গহীন গম্ভীৰ হৈ হাত-ভৰি মুখ-নোহোৱাৰ দৰে নাথাকিলে তাক অঘাইত অঘাইত নাম দিওঁ। আমি পাহঁৰি যাওঁ যে ছলি কালত গহীন গম্ভীৰ হৈ থাকাটোহে অস্বাভাৱিক। যি ছলি সেই দৰে সদাই থাকে— মুখত হাঁহি নাই, গাত ফুৰ্তি নাই, মাতত সুৰ বাজি নুঠে, কথাত মৌ নবৰষে— তাক আমি গহীন গম্ভীৰ লোকে অতি নম্ন ভাল সাধু লৰা বুলি শলাগ লব পাৰোঁ; কিন্তু বিচক্ষণ লোকে তেনে ছলিৰ কোনো শাৰীৰিক বা মানসিক পীড়া আছে বুলি বুজি পায়।

  ১১। শিশু প্ৰকৃতিৰ এই কেইটা কথা আজিকালিৰ নতুন শিক্ষাৰ মূল। ‘কিণ্ডাৰ-গাৰ্টেন’ৰ ক্ৰোৰেল আৰু মণ্টেচৰি নাম নাজানা মানুহ প্ৰায় নাই। এইটো এটা জাৰ্মাণ ভাষাৰ শব্দ। ‘কিণ্ডাৰ’ শব্দৰ অৰ্থ ছলি (Children); আৰু ‘গাৰ্টেন’ বা বাগিছা (Garden) শব্দ-বিলাসী বঙালিএ এই শব্দৰ অনুবাদ কৰিছে ‘নন্দনকানন’ বা ‘কুমাৰ-কানন’। অনুবাদ যিয়েই নহক, ইয়াৰ মূল ভাৱটো এই:— যি দৰে বিজ্ঞ মালীএ গাছ পুলি ৰুবলৈ হলে তাক কাটিকুটি নষ্ট নকৰে; বৰং যাক যেনে