পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
শিক্ষা-বিচাৰ

কাৰ্য্যক্ষম হৈ আছে। সেই দেখি ডাঙৰ লোকৰ অনুকৰণৰ পৰা ছাত্ৰই এই কালত অনেক লাগতিয়াল কাম শিকিব, আৰু ঘৰুৱা কাৰ্য্যত বাপেক মাকৰ সহায় হবও পাৰে। এই বয়সত লৰাছোৱালীএ ক্ৰমে ক্ৰমে ডাঙৰ মানুহৰ কামবোৰৰ মৰ্ম বুজিবলৈ ধৰে। খেলা কৰিবলৈ আৰু সাধু কথা শুনিবলৈ আগ্ৰহ যথেষ্ট পৰিমাণে বিকাশ হয়। কৌতুহল, প্ৰতিযোগিতা, অনুকৰণ, স্বাৰ্থ প্ৰভৃতি মানসিক প্ৰবৃত্তিৰ প্ৰাধান্য দেখা যায়। ভাল-বেয়া হিতাহিত জ্ঞানৰ পুষ্টি সাধিত্ব হয়; কিন্তু মান্যৱন্ত জনৰ আচৰণৰ পৰা ভাল-বেয়া নিৰূপণ কৰি লয়।

  (ঘ) কৈশোৰ— ১১। ১২ বছৰৰ পৰা ১৫। ১৬ বছৰলৈ এই কাল ডোখৰৰ নাম কৈশোৰ। মানুহৰ গোটাই জীৱনৰ ভিতৰত এই ডোখৰেই শঙ্কট সময়। এই সময়ত শৰীৰ আৰু মন বিশেষ ৰূপে বিস্তৃতি লাভ কৰে। মানুহজন ওখ হয়; গা ক্ষীণাই যায়; স্বৰ গম্ভীৰ হয়; দাৰি-গোফ ঠুটিয়ায়; আৰু মৰ্মস্থানবোৰত নোমৰ উদ্ভৱ হয় এই সময়ত প্ৰকৃতি চঞ্চল— ক্ষণে কষ্ট ক্ষণে তুষ্ট হোৱা এই বয়সৰ স্বভাৱ। আগৰ বয়সত যদিও যৌন-জ্ঞান অলপ অচৰপ থাকা দেখা যায়, এই সময় যে যৌন-সম্পৰ্কীয় অনুভূতি দেখা দিয়ে। এই বয়সত বিচাৰ শক্তিৰ বিকাশ হবলৈ ধৰে; সেই দেখি পুৰণি-কলীয়া আচাৰ ব্যৱহাৰৰ অৰ্থ বুজিবলৈ আগ্ৰহ হয়; অন্য অন্য বিষয়ৰো কাৰৰ্য্য-কাৰণ-সম্বন্ধ-বিচাৰ কৰি চাবলৈ