অঙ্গ প্ৰত্যাঙ্গাদিৰ ব্যৱহাৰ কৰিবলৈ শিকে। খোজ কাঢ়িব পাৰা হয়; আৰু আধ-ফুটা মাতেৰে কথা কবলৈ শিকে। এই সময়ত অনুকৰণ প্ৰবৃত্তি প্ৰৱল; আৰু সেই প্ৰবৃত্তিৰ সহায়েৰে ওপৰত কোৱা কথাবোৰ শিকে। এই বয়সত ভাল- বেয়া হিতাহিত জ্ঞান নজন্মে। কৌতুহল প্ৰবৃত্তিটো বৰ চঞ্চল হৈ থাকে।
(খ) শৈশৱ— এই সমস্ত শৰীৰ ক্ৰমে পুষ্ট হৈ আহে। খোজ কাঢ়াত আৰু কথা কোৱাত কোনো যত্নৰ আৱশ্যক নকৰে। চাৰিও ফালৰ বস্তু জীৱ-জন্তু আৰু মানুহৰ লগত উপৰুৱা পৰিচয় ঘটে। কৌতূহল প্ৰবৃত্তি বিশেষ প্ৰৱল হয়। অনুকৰণৰ পৰা ভাল-বেয়া জ্ঞানৰ বিকাশ হয়। ৰং ধেমালি কৰিৱলৈ ভাল পায়। এই সময়তে সাধু কথা শুনিবলৈ আগ্ৰহৰ আৰম্ভ হয়। শৰীৰৰ অনুপাতে মস্তিষ্কৰ বিকাশ বেছি হয়; প্ৰকৃততে শিশু জীৱনৰ সাত-আঠ বছৰত মস্তিষ্কৰ অৱয়ব সম্পূৰ্ণ হয়।
(গ) বাল্য— এই কালৰ আদি গুগতেই মস্তিস্কৰ আয়তন পূৰ্ণতা পাই দেখি এই বয়স অখুস্থ কৰাৰ উপযোগী সময়। নেতা আৰ্য্যা শ্লোক— এনেবোৰ কথা সহজতে ছাত্ৰই এই বয়সত, অৰ্থ সুবুজিলেও, মুখত আহাই থব পাৰে। কেছুৱা আৰু শৈশবত ছাত্ৰৰ শাৰীৰিক আৰু মানসিক বৃত্তি- বিলাক কোমল হৈ থাকে; এই কালত সিবিলাক ক্ৰমে